NORTHEAST NOW (Assamese)

স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০১৮ : উত্তৰ-পূবৰ একমাত্ৰ কেন্দ্ৰ নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজি

March 26, 2018 9:54 pm · এন ই নাও নিউজ
প্ৰতীকী ছবি। জি আই এম টি, গুৱাহাটী।

ভাৰত চৰকাৰৰ উদ্যোগত বিভিন্ন সামাজিক সমস্যা সমাধানত কম্পিউটাৰ প্ৰগ্ৰামিং ব্যৱহাৰ কৰা তথা যুৱ চামক এই সমস্যাসমূহ সমাধান উলিওৱাত জড়িত কৰাক এটা ঘাই উদ্দেশ্য হিচাপে লৈ এ আই চি টি ই আৰু মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত স্মাৰ্ট ইণ্ডিয়া হেকাথন প্ৰতিযোগিতাই দেশৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত প্ৰযুক্তি বিদ্যাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক’ডিঙৰ উৎসাহ জগাই তোলাতো ভূমিকা লৈ আহিছে।

যোৱা বছৰৰ দৰে এই বছৰো এই প্ৰতিযোগিতাখন ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন, ২০১৮’ শিৰোনামেৰে অনুষ্ঠিত হ’ব। মুঠ ৩০ লাখ শিক্ষাৰ্থীয়ে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব। মুঠ দল হ’ব ১২৮২টা।

প্ৰতিযোগিতাখনত ৩০ মাৰ্চৰ পুৱা ৮ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উদ্বোধন কৰিব। তেওঁৰ সৈতে মানৱ সম্পদ মন্ত্ৰ্যালয়ৰ মাননীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰো থাকিব। মুঠ ২৮ টা ন’ডেল কেন্দ্ৰৰ পৰা প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব।

অসমৰ বাবে গৌৰৱৰ কথাটো হ’ল এই ২৮ টা ন’ডেল কেন্দ্ৰৰ ভিতৰত সমগ্ৰ উত্তৰ-পূবৰ বাবে এটাই কেন্দ্ৰ দিয়া হৈছে আৰু সেইটো অসমত দিয়া হৈছে। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজিক এই কেন্দ্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। ৰাজ্যৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান হিচাপে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজিৰ বাবেও ই অতি গৌৰৱৰ বিষয়।

সমগ্ৰ দেশতে প্ৰতিযোগী দলবোৰে মুঠ ৩৪০টা প্ৰগ্ৰামিং সমস্যা সমাধানৰ বাবে ক’ড লিখাত অৱতীৰ্ণ হ’ব।

উল্লেখযোগ্য যে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজি কেন্দ্ৰটোত মুঠ তিনিশৰো অধিক ক’ডি দক্ষতা থকা ছাত্ৰ-ছাত্ৰীয়ে জনজাতীয় পৰিক্ৰমা দপ্তৰে নিৰ্বাচন কৰি দিয়া দহটা সমস্যা সমাধানৰ চেষ্টা কৰিব বুলি জানিব পৰা গৈছে।

সমগ্ৰ ভাৰতৰ ২৮ টা ন’ডেল কেন্দ্ৰৰ পৰা তিনিটা শ্ৰেষ্ঠ দলক নিৰ্বাচিত কৰি লক্ষাধিক টকাৰ পুৰস্কাৰ দিয়া হ’ব।

Related News