NORTHEAST NOW (Assamese)

হাতীগাৱঁত অচিনাক্ত আততায়ীয়ে গুলীয়াই হত্যা কৰিলে ব্যৱসায়ীক

February 21, 2018 9:49 pm · এন ই নাও নিউজ
Updated: February 21, 2018 9:51 pm

আজি সন্ধিয়াৰ ভাগত মহানগৰীৰ হাতীগাওঁ অঞ্চলত অচিনাক্ত আততায়ীয়ে এজন স্থানীয় ব্যৱসায়ীক গুলীয়াই হত্যা কৰে। ব্যৱসায়ীজনৰ নাম হেমন্ত চৌৰচিয়া (৩৮) বুলি জানিব পৰা গৈছে।

তেওঁৰ হাতীগাওঁ থানাৰ ওচৰতে থকা কৈলাস নগৰত এখন গেলামালৰ দোকান আছিল। দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ লওঁতেই মটৰ চাইকেলত অহা দুৰ্বৃত্তই তেওঁক গুলীয়ায়।

আহত অৱস্থাত তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু হয়। সূত্ৰটোৱে জনোৱামতে তেওঁৰ মূৰত গূলী লাগিছিল।

তেওঁক নাইন এম এম  পিষ্টলেৰে গুলীওৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। লাকী নামৰ এজন লোকক এই ক্ষেত্ৰত সন্দেহ কৰা হৈছে।

Related News