NORTHEAST NOW (Assamese)
অসম

হাফলং ডনবস্ক’ এলুমনি এছ’চিয়েশ্যনৰ উদ্যোগত কেৰিয়াৰ কাউনছেলিং

Posted by: পংকজকুমাৰ দেব April 14, 2018 8:29 am
LKHengna

হাফলঙৰ ডনবস্ক এলুমনি এচ’চিয়েচনৰ উদ্যোগত শুকুৰবাৰে হাফলং ডনবস্ক কনফাৰেন্স হলত এদিনীয়া কেৰিয়াৰ কাউনছেলিং অনুষ্ঠিত হয়। হাফলঙৰ একাধিক প্ৰথম শাৰীৰ বিদ্যালয়ৰ ক্ৰমে দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলৰ বাহিৰেও কলেজীয়া ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এই কাউনছেলিং প্ৰদান কৰা হয়।

উক্ত কাউনছেলিঙত উপস্থিত থাকে হাফলং চৰকাৰী কলেজৰ অধ্যাপক ৰেণু গুপ্তা, সৰ্বজিত থাউচেন, আচাম ৰাইফেলচৰ কেপ্টেন অভিলাষ সিং,ভাৰতীয় জীৱন বীমা নিগমৰ বিষয়া মোহিত দেবৰাল, হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ব’নি বাথাৰি আৰু স্থানীয় ব্যৱসায়ী থাইচ্ৰিং দাউলাগুপু প্ৰমুখ্যে ব্যক্তিসকল।

আছাম ৰাইফলচৰ বিষয়া অভিলাষ সিঙে সেনা বাহিনীত যোগ দিয়াৰ বিভিন্ন অৰ্হতাৰ ওপৰত পৰামৰ্শ আগবঢ়ায়। একেদৰে হাফলং চৰকাৰী কলেজৰ প্ৰবক্তা সৰ্বজিত থাউচেনেও ছাত্ৰ-ছাত্ৰী সকলক দশম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত নামভৰ্তিৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ প্ৰদান কৰে।

হাফলং ডনবস্ক এলুমনি এচ’চিয়েচনৰ সাধাৰণ সম্পাদক জছৰিদাও ফং’লয়ে কয় যে আচলতে দশম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে ক’ত নামভৰ্তি কৰিব বা কি বিষয়ত পাঠ গ্ৰহণ কৰিব তাক লৈ বিপাঙত পৰে। এনে সমস্যাৰ পৰা ছাত্ৰ সমাজক সকাহ দিয়াৰ লক্ষ্যৰে এই কেৰিয়াৰ কাউনছেলিঙৰ আয়োজন কৰা হৈছে।