NORTHEAST NOW (Assamese)

হাফলঙত আগৰতলা-বেঙ্গালুৰু হমচফৰ ৰে’লত মাজনিশা উদ্ধাৰ লাখ টকাৰ গাঞ্জা

March 14, 2018 7:35 pm · পংকজ কুমাৰ দেব
উদ্ধাৰ হোৱা গাঞ্জাৰ টোপোলা

আগৰতলা-বেঙ্গালুৰু হমচফৰ এক্সপ্ৰেছত মঙলবাৰে নিশা জব্দ কৰা হৈছে চল্লিছ পেকেট গাঞ্জা। গাঞ্জাখিনিৰ মূল্য এক লাখ টকাতকৈ অধিক বুলি আন্দাজ কৰা হৈছে।

জানিব পৰা মতে ৰে’ল আৰক্ষীৰ নিয়মমাফিক তালাচীৰ সময়ত বদৰপুৰ পাৰ হোৱাৰ পাছত ৰে’লৰ এখন আসনৰ তলত ৰখা গাঞ্জাৰ মোনাত আৰক্ষীৰ নজৰ পৰে।

ৰে’ল আৰক্ষীৰ সূত্ৰই জনাইছে যে ডাঙৰ মোনাত প্লাস্তিকৰ বেলেগ বেলেগ টোপোলা কৰি এই গাঞ্জাখিনি ভৰাই ৰখা হৈছিল।

হাফলং আবকাৰী বিভাগে আজি বুধবাৰে দিনৰ এঘাৰ মান বজাত আহি গাঞ্জাখিনি চমজি লয়হি।

এই গাঞ্জা সৰবৰাহৰ বাবে কাকো এতিয়ালৈকে আটক কৰা হোৱা নাই।

আবকাৰী বিভাগে এই গাঞ্জা সৰবৰাহৰ আঁৰত ডাঙৰ গেং জড়িত থকা বুলি সন্দেহ কৰিছে।

Related News