NORTHEAST NOW (Assamese)
অসম

হিন্দু বিদেশী অনাতকৈ ভাৰতৰ হিন্দু সকলক সুৰক্ষা প্ৰদান কৰক : ববিতা শৰ্মা

Posted by: অনিৰ্বাণ পাঠক May 13, 2018 2:58 pm
7ff438ef-dcc6-4d86-a3f9-24772774089c

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ চলি থকাৰ মাজতে বিভিন্ন দল-সংগঠনে গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী আৰম্ভ কৰিছে। তেনে এক পদক্ষেপ গ্ৰহণ কৰি আজি কংগ্ৰেছেও গুৱাহাটীত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে।

কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাৰ নেতৃত্বত উলুবাৰীত আৰম্ভ হোৱা এই স্বাক্ষৰ অভিযান পিছত চানমাৰি, চিৰিয়াখানা, পানবাজাৰ আদি অঞ্চলতো চলিব।

গণ স্বাক্ষৰ অভিযান সমাপ্ত হোৱাৰ শেষত উপায়ুক্তৰ জৰিয়তে যুটীয়া সংসদীয় সমিতি আৰু চৰকাৰলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।773061fb-f6dc-4edc-9d92-330761534957

কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই এই বিধেয়কৰ বিৰোধিতা কৰি কয়, “বিজেপি চৰকাৰ সকলো ফালে ব্যৰ্থ হৈ এতিয়া বিদেশী আনি ভোটৰ ৰাজনীতি কৰিব বিচাৰিছে। হিন্দু বিদেশী ভাৰতলৈ অনাতকৈ ভাৰতৰ হিন্দু সকলক সুৰক্ষা প্ৰদান কৰক। দেশৰ মানুহক কৰ্মসংস্থাপন দিয়ক।”

নেত্ৰী গৰাকীয়ে অগপকো সমালোচনা কৰি কয় যে ‘’তেওঁলোকে জাতীয় দল বুলি কয়, যদি সঁচাকৈয়ে জাতীয় দল তেনেহ’লে চৰকাৰৰ পৰা পদত্যাগ কৰক।চৰকাৰৰ লগত থাকি অগপই গণ স্বাক্ষৰ, জোৰ সমদল কৰি লাভ নাই।‘’

বৰাকত কংগ্ৰেছৰ স্থিতি সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, “আমাৰ কংগ্ৰেছ দলৰ স্থিতি এটাই। বৰাকৰ একংশ কংগ্ৰেছীয়ে যি মন্তব্য কৰিছে সেয়া তেওঁলোকৰ ব্যক্তিগত মন্তব্য। প্ৰদেশ কংগ্ৰেছে তেওঁলোকৰ লগত নিশ্চয় আলোচনা কৰিব।”