NORTHEAST NOW (Assamese)
অসম

হিমালৈ ৰাহুল গান্ধীৰ অভিনন্দন পত্ৰ; প্ৰদেশ কংগ্ৰেছৰ এক লাখ টকা

Posted by: মিণ্টু দাস July 23, 2018 8:43 pm

ফিনলেণ্ডত বিশ্ব জয় কৰি দেশক গৌৰৱান্বিত কৰা ধিং এক্সপ্ৰেছ তথা স্বৰ্ণৰাণী হিমা দাসৰ ঘৰখনলৈ আজিও অব্যাহত আছে বিভিন্ন দল-সংগঠন আৰু ৰাজনৈতিক নেতাৰ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ হিমাৰ ধিংস্থিত ঘৰত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া।

 

আনহাতে প্ৰদেশ কংগ্ৰেছৰ দুই নেতাৰ লগত হিমাৰ ঘৰত উপস্থিত হয় বিধায়ক ৱজেদ আলী চৌধুৰী, আব্দুল খালেক, প্ৰাক্তন মন্ত্ৰী গৌতম বৰাকে আদি কৰি বহু সংখ্যক কংগ্রেছী নেতা-কৰ্মী।

প্ৰদেশ কংগ্ৰেছৰ দলটোৱে হিমাৰ পিতৃ-মাতৃক অভিনন্দন জনোৱাৰ লগতে দলৰ তৰফৰ পৰা এক লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।

তাৰোপৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীৰ হৈ ৰিপুন বৰা আৰু দেবব্ৰত শইকীয়াই হিমাৰ পিতৃ-মাতৃক অভিনন্দন পত্ৰ প্ৰদান কৰে।