NORTHEAST NOW (Assamese)
অসম

হোজাইত বেদখল উচ্ছেদ উত্তৰ-পূব সীমান্ত ৰে’লৱে’ৰ

Posted by: নিখিল মুন্দ্ৰা May 3, 2018 4:53 pm
eviction drive by nf railway in hojai

উত্তৰ-পূব সীমান্ত ৰে’লৱে’ ( NF Railway )ই স্থানীয় প্ৰশাসনৰ সহযোগত আজি ৩ মে’ত হোজাইৰ নিউ মাৰ্কেটৰ ওচৰত এক উচ্ছেদ অভিযান চলায়। ৰাতিপুৱা ১০ বজাৰ পৰা চলোৱা উচ্ছেদ অভিযানত প্ৰায় ১০ খন ‘অনুমতিহীন’ দোকান আৰু ১২টা বাসগৃহ ভাঙি দিয়া হয়।

উচ্ছেদ অভিযানটো শান্তিপূৰ্ণ আছিল। ৰে’লৱে’ৰ সম্পত্তিত থকা বেদখল গুচাবৰ বাবেই এই অভিযান চলোৱা হৈছে বুলি জনাইছে ৰে’লৱে’ সূত্ৰই।

উচ্ছেদৰ পূৰ্বে বেদখলকাৰীসকলক আগতীয়া জাননী দিয়া হৈছিল বুলি দাবী কৰি ৰে’ল সূত্ৰই লগতে জনাই যে বহুদিন ধৰি পৰি থকা ফ্লাই অ’ভাৰখন নিৰ্মাণ আৰু নতুন ষ্টে’চন ভৱন সম্পূৰ্ণ কৰাৰ বাবে এই অভিযান চলোৱা হৈছে।

ৰে’ল বিষয়া, চক্ৰ বিষয়া, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু চি আৰ পি এফৰ বিষয়া উপস্থিতিত এটা সুসজ্জিত নিৰাপত্তা বাহিনীয়ে এই অভিযানটো চলায়।