NORTHEAST NOW (Assamese)

হোজাইত মহাৰানা প্ৰতাপ সিঙৰ ৪৭৮ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন

May 9, 2018 5:33 pm · নিখিল মুন্দ্ৰা
Updated: May 9, 2018 5:40 pm

হোজাইৰ মহাৰানা প্ৰতাপ উদয়পন সমিতি (এম পি ইউ এছ)এ আজি নগৰখনৰ জে কে কেডিয়া স্মৃতি ভৱনত মহাৰানা প্ৰতাপ সিঙৰ ৪৭৮ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰে।

এই উপলক্ষে অনুষ্ঠানৰ আৰম্ভণিতে হোজাইৰ জিলা উপায়ুক্তই মহান ৰাজপুট বীৰ গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অৱৰপ্ৰাপ্ত অধ্যাপক তথা এম পি ইউ এছৰ উপদেষ্টা ব্যোমকেশ ভট্টচাৰ্যই কয়, ‘মহাৰানা প্ৰতাপ এগৰাকী মহান বীৰ আছিল, দেশৰ সন্মান আৰু অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত তেওঁ কাহানিও মোগল ৰজাৰ পক্ষ লোৱা নাছিল।’

এনে মহান ব্যক্তিসকলৰ পৰা অনুপ্ৰেৰণা লৈ আমি দেশত অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰি থকা দেশৰ ভিতৰ তথা বাহিৰৰ সাম্প্ৰদায়িক শক্তি সমূহৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজিব লাগে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ আৰু কয়, ‘সংস্কৃতিক হেৰুৱা মানে পৰিচয় হেৰুৱা, এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে নৱপ্ৰজন্মক  আমাৰ ইতিহাস সম্পৰ্কে সজাগ কৰি তুলিব লাগিব অন্যথা আমাৰ চহকি সংস্কৃতি হেৰাই যাব।‘

এম পি ইউ এছৰ সভাপতি বিশ্বজিত চৌধুৰীয়ে কয় যে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰা মহান বীৰসকলক সুৱঁৰি অনুষ্ঠিত কৰা এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি আজিৰ প্ৰজন্মক আমাৰ দেশৰ সোণালী ইতিহাসৰ সৈতে চিনাকি কৰাব খোজো।

অনুষ্ঠানটোত এম পি ইউ এছৰ সদস্য মাণ্টু বেনাৰ্জি, অৰুণ দাস, অশোক গুপ্তাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Related News