NORTHEAST NOW (Assamese)

হোজাইত ৰে’লৰ খুন্দাত ৪ টাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু, ৰে’ল যোগাযোগ ব্যাহত

February 10, 2018 11:34 pm · এন ই নাও নিউজ
Updated: February 11, 2018 8:36 am

হোজাইত ৰে’লৰ খুন্দাত পুনৰ নিহত হৈছে ৪ টাকৈ বনৰীয়া হাতী। জাকটোৰ অন্য এটা হাতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি খবৰ পোৱা গৈছে।

জানিব পৰা মতে হোজাইৰ হাৱাইপুৰ ষ্টেচনৰ সমীপত গুৱাহাটীমুখী শিলচৰ পেচেঞ্জাৰ ৰে’লে হাতীৰ এটা জাকক খুন্দা মৰাৰ ফলত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

হাতীকেইটাক খুন্দা মাৰি ৰে’লখন পথৰ পৰা বাগৰি পৰা বাবে এতিয়ালৈকে ৰে’ল যোগাযোগ বন্ধ হৈ আছে।

পূৰ্বেও হোজাইত ৰে’লৰ খুন্দাত ৩ টা বনৰীয়া হাতীৰ প্ৰাণ গৈছিল।

কালিও বিহালী বনাঞ্চলত এটা বনৰীয়া হাতী হত্যা কৰা হৈছিল।

চৰকাৰে বনৰীয়া জীৱ-জন্তু, গছ-বন সংৰক্ষণৰ বাবে নিত্য নতুন আঁচনি, উৎসৱ আদিৰ আয়োজন কৰি অহাৰ পিছতো এইদৰে বনৰীয়া জীৱই নৈমিত্তিক প্ৰাণ হেৰুৱাই আহিব লগা ঘটনাই সচেতন লোকক চিন্তিত কৰি তুলিছে।

এইদৰে বনৰীয়া জীৱৰ কৰুণ মৃত্যুৱে ৰে’ল বিভাগ বা চৰকাৰৰ ব্যৱস্থাপনাহীনতাক উদং খুওৱা নাইনে?

Related News