NORTHEAST NOW (Assamese)
অসম

হোজাইৰ ডন বস্কো হাইস্কুলত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

Posted by: নিখিল মুন্দ্ৰা April 20, 2018 5:17 pm
Free Health Check Up Camp At Don Bosco High School in Hojai

শুকুৰবাৰে হোজাইৰ ডন বস্কো হাইস্কুলত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ এটা আয়োজন কৰা হৈছে। যোৱা ৭ এপ্ৰিলত পালিত হোৱা বিশ্ব স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি এই স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে বুলি আয়োজকসকলে জনাইছে। নগাঁওৰ মাৰ্চি হস্পিটালৰ সহযোগত এই স্বাস্থ্য শিবিৰটো আয়োজন কৰা হৈছে। ডন বস্কো হাইস্কুলৰ সমগ্ৰ শিক্ষক-কৰ্মচাৰী, শিক্ষাৰ্থী আৰু পিতৃ-মাতৃসকলৰ বাবে এই স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে।

ড০ সুপ্ৰিয়ম দাস (চিকিৎসক), ছিষ্টাৰ লিমা, ছিষ্টাৰ ছাইনী আৰু ছিষ্টাৰ হেলেনাৰে গঠিত ৪ জনীয়া দলটোৱে  সাধাৰণ অসুখৰ পৰীক্ষা সম্পন্ন কৰা, পৰামৰ্শ প্ৰদান কৰাৰ লগতে সেইসমূহৰ ঔষধ-পাতিও প্ৰদান কৰে।

পুৱা ৯বজাত শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ উপস্থিতিত শিবিৰটো উদ্বোধন কৰে বিদ্যালয়খনৰ অধ্যক্ষ ফাডাৰ মাইকেল বিষ্টিছে।

অধ্যক্ষ ফাডাৰ মাইকেল বিষ্টিছে জনাইছে যে আজিৰ স্বাস্থ্য শিবিৰৰ বিষয়বস্তু হৈছে “সকলোৰে বাবে স্বাস্থ্য“।

তেওঁ আৰু কয় যে তেওঁলোকে পিতৃ-মাতৃ, অভিভাৱকসহ সন্তানসকলক আমি বাস কৰা সমাজখনৰ বাবে কিবা এটা ভাল কৰিবলৈ গোট খুৱাব পাৰিছে।

স্বাস্থ্য শিবিৰটো দিনৰ ১টা বজালৈকে চলিছিল আৰু ইয়াত কেইবা শ শিক্ষাৰ্থী তাৰু তেওঁলোকৰ পিতৃ-মাতৃ, অভিবাৱকে স্বাস্থ্য সেৱা গ্ৰহণ কৰিছিল।