NORTHEAST NOW (Assamese)

হোজাই জিলাৰ কাপাসবাৰীত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা

April 18, 2018 3:28 pm · নিখিল মুন্দ্ৰা

কন্যা শিশু আৰু মহিলাৰ ওপৰত সংঘটিত যৌন নিৰ্যাতন তথা অপৰাধৰ বিৰুদ্ধে গোটেই দেশ জুৰি প্ৰতিবাদ চলি থকাৰ সময়তে ৰাজ্যখনত সংঘটিত হোৱা আন এক দলবদ্ধ ধৰ্ষণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে হোজাই জিলাৰ কাপাসবাৰী অঞ্চলত য’ত দুৰ্বৃত্তই এগৰাকী যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ যায়।

বাতৰি অনুসৰি, মঙলবাৰে নগাওঁ জিলাৰ চামগুৰি পৰা দুৰ্বৃত্ত কেইজনে যুৱতীগৰাকীক ট্ৰাকত উঠাই হোজাই জিলাৰ কাপাসবাৰীলৈ লৈ আনে আৰু তাতেই দলবদ্ধভাৱে ধৰ্ষণ কৰি যুৱতী গৰাকীক বুধবাৰে ৰাতিপুৱা ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ যায়।

বুধবাৰে ৰাতিপুৱা স্থানীয় বাসিন্দাই যুৱতীগৰাকীক ৰাস্তাৰ দাঁতিত পৰি থকা দেখা পায়। তেওঁলোকে লগে লগেই কথাটো আৰক্ষীক অৱগত কৰায়। যুৱতীগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত নীলবাগান মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আনুষ্ঠানিক অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

Related News