১০০০ গৰাকী মেধাৱী ছাত্ৰীক ৰাজ্য চৰকাৰে দিলে দুচকীয়া বাহন

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰা শীৰ্ষ ১০০০ গৰাকী মেধাৱী ছাত্ৰীক তেওঁলোকৰ মেধাৰ স্বকৃতি হিচাপে আৰু লগতে তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰাকৰে প্ৰথমবাৰৰ বাবে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠানত প্ৰত্যেককে একোখনকৈ দুচকীয়া বাহন প্ৰদান কৰে।
উল্লেখযোগ্য যে মহিলা সৱলীকৰণৰ পদক্ষেপক এক নতুন দিশ প্ৰদান কৰাৰ লক্ষ্যৰে ২০১৭ চনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত ৰাজ্যৰ প্ৰথম ১০০০ গৰাকী ছাত্ৰীক ৰাজ্য চৰকাৰে দুচকীয়া বাহন প্ৰদান কৰাৰ এক বাজেট ঘোষণা কৰিছিল।
ৰাজ্য চৰকাৰৰ এই বাজেটৰ অজীনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ছাত্ৰীসকলক দুচকীয়া বাহনৰ এল’টমেণ্ট চাৰ্টিফিকেইটৰ লগতে দুচকীয়া বাহনৰ ছাবি প্ৰদান কৰে।
অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী গাৰকীয়ে বৰ্তমান ৰাজ্য চৰকাৰেখনে চৰকাৰী চাকৰি তথা চৰকাৰী উদগনি সমূহ পোৱাৰ ক্ষেত্ৰত মেধা তথা যোগ্যতাক প্ৰাৰ্থমিক স্বৰ্ত হিচাপে প্ৰাধান্য দিছে বুলি কোৱাৰ লগতে অনাগত দিনটো এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল’ব বুলি কয়।
ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে কেৱল মান সম্পন্ন শিক্ষা ব্যৱস্থাইহে এখন সমাজৰ প্ৰকৃত পৰিৱৰ্তন সম্ভৱ কৰি তোলে। আনহাতে তেওঁ জৈৱ-বৈচিত্ৰ্যতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত গছ পুলি ৰোপন ‘গুণোৎসৱ’ৰ এক অবিচ্ছেদ্য উপাদান হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা বিভাগক অনুৰোধ জনায়।
মুখ্য মন্ত্ৰী গৰাকীয়ে দুচকীয়া বাহন লাভ কৰা মেধাৱী ছাত্ৰী সকলক এই উপহাৰ তেওঁলোকৰ কেৰিয়াৰ গঢ় দিয়াৰ ক্ষেত্ৰত এক প্ৰেৰণাৰ বিষয় হিচাপে গণ্য কৰিবলৈ উপদেশ দি স্বামী বিবেকান্দৰ জন্মৰ শতবাৰ্ষিকীৰ দিনাই এই আঁচনিৰ শুভাৰম্ভ কৰিবলৈ পাই তেওঁ অত্যন্ত সুখী বুলি কয়।
অনুষ্ঠানটোত শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মেধাৱী ছাত্ৰীলৈ দুচকীয়া বাহন প্ৰদান কৰাটো ৰাজ্য চৰাকৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ এক অংশ বুলি কয়। শিক্ষা মন্ত্ৰী গৰাকীয়ে এইবাৰ ৰাজ্যখনৰ ১০০০ গৰাকী মেধাৱী ছাত্ৰীক দুচকীয়া বাহন প্ৰদান কৰাৰ বিপৰীতে অহা বৰ্ষত ৫০০০ গৰাকী মেধাৱী ছাত্ৰীক ৰাজ্য চৰকাৰখনে সামৰি ল’ব বুলিও কয়।
অনুষ্ঠানটোত দুচকীয়া বাহন লোৱাৰ বাবে ইচ্ছা প্ৰকাশ নকৰা মেধাৱী ছাত্ৰীক ৩৫ হাজাৰ টকা প্ৰদান কৰা হয়।
আজিৰ এই অনুষ্ঠানটোত উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব অজয় তিৱাৰী, শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক মিহিৰ কান্তী চৌধুৰী, কটন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ গোস্বামী, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক বাবুলাল শৰ্মা, বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।