NORTHEAST NOW (Assamese)

১০৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ১ জন শিক্ষক শোণিতপুৰৰ প্ৰাথমিক বিদ্যালয়ত

January 10, 2018 4:40 pm · এন ই নাও নিউজ
Updated: January 10, 2018 4:50 pm

শোণিতপুৰ জিলাৰ বালিপাৰা শিক্ষাখণ্ডৰ অধীনৰ অসম-অৰুণাচল সীমান্তৰ ১০৯ গৰাকী ছাত্ৰ-ছাত্ৰী থকা মাইনাওশ্ৰী প্ৰাথমিক বিদ্যালয় কেৱল এজন শিক্ষকেই চলাব লগা হৈছে।

জানিব পৰা মতে একমাত্ৰ শিক্ষকজনেই সম্পূৰ্ণ দিনটোৰ সমূহ শ্ৰেণীৰে পাঠদান কৰাৰ দৰে অসম্ভৱ কৰ্তব্য পালন কৰিব লগা হোৱাৰ লগতে বিভাগীয় সভাত উপস্থিত থকা, শৈক্ষিক প্ৰশিক্ষণ গ্ৰহণ কৰা আদিৰ লগতে গুণোৎসৱৰ বাবেও সকলো জা-যোগাৰ কৰিবলগা হৈছে। গুণোৎসৱৰ বাবে প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত শিক্ষকগৰাকী ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে যিহেতু তেওঁ অকলেই বিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ, ৰেজিস্ত্ৰাৰ, দুপৰীয়াৰ আহাৰৰ তথ্য, জমাবহীকে ধৰি বিদ্যালয়খনৰ অন্যান্য উন্নয়নমুখী কাম-কাজো তদাৰক কৰিব লগা হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে কেৱল নিজৰ দৰ্মহা ল’বলৈকে শিক্ষকগৰাকী ৩৪ কিঃমিঃ বাটকুৰি বাই বালিপাৰা শিক্ষা খণ্ডৰ কাৰ্য্যালয়লৈ যাব লগা হয়।

বিদ্যালয়খনৰ প্ৰতি শিক্ষাবিভাগৰ অমনোযোগিতাত স্থানীয় লোকৰ লগতে বিভিন্ন দল-সংগঠন আৰু অভিভাৱকসকলে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে লগতে  বিদ্যালয়খনৰ শোচনীয় অৱস্থা পৰিৱৰ্তনৰ বাবে আৰু শিক্ষাৰ অধিকাৰ আইন অনুসৰি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুপাতে আৰু অধিক শিক্ষকৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে।
শিক্ষা বিভাগে অসমৰ শিক্ষা ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ বাবে যুদ্ধকালীন ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰি অহাৰ বিপৰীতে মাইনাওশ্ৰী প্ৰাথমিক বিদ্যালয়ৰ শোচনীয় অৱস্থাই শিক্ষাখণ্ডৰ অাচল ছবিখন উদঙাই দেখুৱাইছে।

Related News