NORTHEAST NOW (Assamese)
অসম

বড়ো মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে ১১ এপ্ৰিলত ৰঙিয়া বন্ধৰ আহ্বান এবছুৰ

Posted by: এন ই নাও নিউজ April 7, 2018 12:56 pm
rny1935395

ৰঙিয়া চহৰৰ ৩ নং ৱাৰ্ডৰ বনগাঁৱত অৱস্থিত বংশীধৰ চৌধুৰী বড়ো মাধ্যম হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বিদ্যালয়খন বন্ধ কৰি দি ইয়াৰ  ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি শিক্ষকসকলক আন এখন বিদ্যালয়ৰ সৈতে চামিল কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে এবছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

এবছুৰ কামৰূপ জিলা সমিতিয়ে আজিও ৰঙিয়াৰ সোঁমাজেৰে যোৱা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি অহা ১১ এপ্ৰিলত ৰঙিয়া বন্ধৰ আহ্বান জনাইছে।

এবছুৰ এই আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি বড়ো সাহিত্য সভাৰ ৰঙিয়া জিলা সমিতিয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এটা বিবৃতিত শুকুৰবাৰে বড়ো সাহিত্য সভাৰ ৰঙিয়া জিলাৰ সভাপতি ভূপেন বড়ো আৰু সম্পাদক মুকুট প্ৰসাদ বড়োৱে কয় যে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰঙিয়াৰ এই বড়ো মাধ্যমৰ বিদ্যালয়খন বন্ধ কৰি দি সমগ্ৰ বড়ো ৰাইজকে অপমান কৰিছে।

তেওঁলোকে কয়, ‘’চৰকাৰে বড়ো ভাষাটোক নিৰ্মূল কৰাৰ উদ্দেশ্যে যে এই পদক্ষেপ গ্ৰহণ কৰিছে সেয়া  ৰাইজে বুজি উঠিছে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বড়ো  সাহিত্য সভাই কোনো কাৰণতে মানি নলয়।‘’

ভৱিষ্যতে চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ দাবীত এবছুৰ নেতৃত্বত চলিবলগীয়া সকলো আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি বড়ো সাহিত্য সভাই সমৰ্থন আৰু সহযোগিতা আগবঢ়াই যাব বুলিও তেওঁলোকে জানিব দিয়ে।