NORTHEAST NOW (Assamese)

১১ বছৰৰ বিৰতিৰ অন্তত মণিপুৰৰ ইম্ফল আৰু জিৰিবামৰ মাজত পুনৰ বাছ সেৱা আৰম্ভ

December 21, 2017 10:01 am · এন ই নাও নিউজ

সুদীৰ্ঘ ১১ বছৰ বিৰতিৰ পিছত মণিপুৰৰ ইম্ফল আৰু জিৰিবামৰ মাজত পুনৰ বাছ সেৱা আৰম্ভ হ’ল। বুধবাৰে ৰাজ্যিক পৰিবহন আয়ুক্ত এল লক্ষ্মিকুমাৰ সিঙে ইম্ফলৰ আন্ত:ৰাজ্যিক বাছ আস্থানৰ পৰা আনুষ্ঠানিক ভাবে এই বাছ সেৱা মুকলি কৰে। বাছ সেৱা মুকলি কৰাৰ পিছতে আয়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- দীৰ্ঘ বিৰতিৰ পিছত পুনৰ আৰম্ভল হোৱা এই বাছ সেৱাৰ ফলত ইম্ফল আৰু জিৰিবামৰ মাজত এক সু সম্পৰ্ক গঢ়ি উঠাৰ উপৰি বৰ্তমানৰ চৰকাৰখনে লোৱা পদক্ষেপ সমূহে দুয়োখন চৰকাৰৰ লোক সমূহক পুনৰ আশ্বাস প্ৰদান কৰিব। এই বাছ সেৱা পুনৰ প্ৰৱৰ্তন কৰা সংস্থাক ধন্যবাদ জনায় আৰু ইয়াৰ ফলত দুয়োখন জিলাৰে উন্নয়নত সহায়ক হ’ব বুলি আয়ুক্ত গৰাকীয়ে মত ব্যক্ত কৰে।

মণিপুৰ ৰাজ্যিক পৰিবহন বিভাগৰ মূল উদ্দেশ্য হ’ল ৰাজ্যখনৰ চুকে কোনে যাতায়তৰ সু ব্যৱস্থা কৰা আৰু ইয়াৰ বাবে ৰাজ্যখনৰ চৰকাৰী আৰু বেচৰকাৰী সংস্থা সমূহে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজনীয়তা আছে বুলি আয়ুক্ত গৰাকীয়ে কয়। উল্লেখনীয় যে ইম্ফল আৰু জিৰিবানৰ মাজৰ বাট-পথৰ অৱস্থা শোচনীয় বাবে ২০০৬ চনৰ পৰা বাছ সেৱা ব্যাহত হৈ আছিল।

মন কৰিবলগীয়া যে জিৰিবাম সম্পূৰ্ণ জিলা হোৱা বাবে এতিয়া ৰাজ্যখনৰ ৰাজধানীৰ লগত সম্পৰ্ক ৰক্ষাৰ বাবে যাতায়ত ব্যৱস্থা অধিক সূচল কৰাৰ লক্ষৰে আৰু অধিক পদক্ষেপ গ্ৰহণ কৰিব বুলি পৰিবহন বিভাগে জানিবলৈ দিয়ে।

 

Related News