NORTHEAST NOW (Assamese)

১৪৪ ধাৰা জাৰি, ৰহাত যুদ্ধংদেহী পৰিৱেশ : টোলগেট বন্ধৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৃষক মুক্তি-যুৱ ছাত্ৰৰ

July 22, 2018 12:40 pm · কল্পজ্যোতি শইকীয়া

ৰহাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ৰহাৰ টোলগেট বন্ধ কৰাৰ দাবীৰে কৃষক মুক্তি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৰ্তমান ৰহাত এক যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি হৈছে। ভিন্ন প্ৰান্তৰ পৰা কৃষক মুক্তি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হেজাৰ সংখ্যক সদস্য ৰহা অভিমুখে আহি আছে। প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে আৰক্ষীয়ে ব্যাপক সমৰসজ্জা গঢ়ি তুলিছে। প্ৰতিবাদকাৰীসকলক আদবাটতে ভেটা দিয়াৰ বাবে অৰ্দ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে।

ইপিনে ৰহাৰ টোলগেটত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু প্ৰশাসনৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈছে। তদুপৰি, ৰহাৰ টোলগেটত বৰ্তমান সাময়িকভাৱে কৰ সংগ্ৰহ বন্ধ ৰখা হৈছে।

ইতিমধ্য কৃষক মুক্তিৰ নেতা অখিল গগৈৰ নেতৃত্বত সংগঠনটোৰ সদস্যসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

প্ৰশাসনে গ্ৰহণ কৰা এনে পদক্ষেপ সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পলাশ চাংমাইয়ে কয়, ‘’প্ৰশাসনে অনুমতি দিছিল যদিও এতিয়া তেওঁলোকক বাধা দিয়। কিন্তু যিকোনো পৰিস্থিতিটো প্ৰতিবাদ সাৱ্যস্ত কৰা হ’ব।‘’

উল্লেখযোগ্য যে যোৱা ১২ জুলাইৰ পৰা টোলগেটখনত কৰ সংগ্ৰহ আৰম্ভ কৰাৰ পাছতে জাতীয় দল-সংগঠনসমূহ জাঙুৰ খাই উঠিছে। টোলগেট মুকলিৰ প্ৰাকমহুৰ্তৰ পৰা আজি পৰ্যন্ত বিভিন্ন দল সংগঠনে ৰহাত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি আহিছে। কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰে টোলগেট বন্ধৰ বাবে লোৱা নাই কোনো ব্যৱস্থা।

সেয়ে চৰকাৰৰ এই কঠোৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি ৰহা টোলগেটত কেন্দ্ৰীয়ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে।

Related News