NORTHEAST NOW (Assamese)
অসম

১৬ জানুৱাৰিৰ পৰা সন্ধানহীন জয়সাগৰৰ যুৱক দেৱজিত দত্ত

Posted by: ৰাজীৱ দত্ত January 21, 2018 7:01 pm
দেৱজিত দত্ত

শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ভটিয়াপাৰৰ বাৰিচুক গাঁৱৰ দেৱজিত দত্ত নামৰ যুৱকজন যোৱা ১৬ জানুৱাৰিৰ পৰা সন্ধানহীন হৈ আছে। দেৱজিত দত্ত নামৰ যুৱকজন বাৰিচুক গাঁৱৰ দিলিপ দত্তৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

দেৱজিত দত্ত ভটিয়াপাৰৰ সমীপৰ ছানৰাইজ ধাবাত মেনেজাৰ হিচাপে কৰ্মৰত আছিল। আনদিনাৰ দৰে ১৬ জানুৱাৰিৰ দিনাও দত্তই তেওঁৰ নিজা কৰ্মস্থলীলৈ বুলি ওলাই আহিছিল। কিন্তু আশ্চৰ্যজনকভাৱে তেওঁ কৰ্মস্থলীলৈ ওলাই অহাৰে পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে।

দেৱজিতৰ লগত থকা মোবাইল ফোনটোও সন্ধানহীন হোৱাৰ দিনৰে পৰা বন্ধ হৈ আছে। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো দেৱজিতৰ কোনো শুংসূত্ৰ নাপাই উৎকণ্ঠিত হৈ পৰিছে। আনহাতে পৰিয়ালৰ দেৱজিতৰ সন্ধানহীনৰ ঘটনা সন্দৰ্ভত জয়সাগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।