১ আগষ্টৰ পৰা গুৱাহাটী আৰু বাংগালুৰুৰ মাজত চলিব জেট এয়াৰৱেজৰ প্ৰত্যক্ষ বিমান সেৱা

ভাৰতৰ আগশাৰীৰ বিমান পৰিবহণ সংস্থা জেট এয়াৰৱেজে বাংগালুৰু আৰু গুৱাহাটীৰ মাজত প্ৰত্যক্ষ বিমান পৰিবহণ সেৱা আৰম্ভ কৰিব। বিমান পৰিবহণ সংস্থাটোৱে প্ৰকাশ কৰা মতে আগষ্ট মাহৰ ১ তাৰিখৰ পৰা এই সেৱা আৰম্ভ কৰা হ’ব। জেট এয়াৰৱেজৰ তৰফৰ পৰা জনোৱা মতে সংস্থাটোৱে ভাৰতৰ প্ৰযুক্তি নগৰী বাংগালুৰু আৰু উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীৰ মাজত দৈনিক প্ৰত্যক্ষ বিমান সেৱা আগবঢ়াব।
‘মৰুং এক্সপ্ৰেছ’ৰ বাতৰিত প্ৰকাশিত হোৱা অনুসৰি আগষ্ট মাহৰ ১ তাৰিখে পৰা জেট এয়াৰৱেজে দুয়োখন মহাগৰৰ মাজত প্ৰথম প্ৰত্যক্ষ দৈনিক বিমান সেৱা আৰম্ভ কৰিব বুলি ব্যক্ত কৰিছে। জেট এয়াৰৱেজৰ তৰফৰ পৰা ব্যক্ত কৰা মতে পৰিবহণ সংস্থাটোৱে উন্নয়নশীল নগৰসমূহৰ সৈতে দেশৰ মহানগৰসমূহক সংযোগ কৰাৰ প্ৰয়াস কৰিছে।
জেট এয়াৰৱেজৰ ছাৰ্ভিছ 9W 659 বিমানখনে প্ৰতিদিনে পুৱা ১০-১৫ বজাত বাংগালুৰুৰ পৰা উৰা মাৰি দুপৰীয়া ১.১৫ বজাত গুৱাহাটী বিমান বন্দৰ পাবহি। একেদৰে বিমান পৰিবহণ সংস্থাটোৰ ছাৰ্ভিছ 9W 660 বিমানখনে দৈনিক আবেলি ৪-২০ বজাত গুৱাহাটীৰ পৰা উৰা মাৰি ৭.৩০ বজাত বাংগালুৰু পাবহি।
উল্লেখ্য যে এই পৰ্যন্ত বিমান সংস্থাটোৱে ভাড়াৰ নিৰিখ ঘোষণা কৰা নাই।