NORTHEAST NOW (Assamese)

আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে ১ মে’ত মটৰ পৰিবহন সংস্থাৰ চকা বন্ধ ঘোষণা

April 30, 2018 12:56 pm · এন ই নাও নিউজ
Updated: April 30, 2018 1:05 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

মটৰ পৰিবহণ শ্ৰমিকৰ সামাজিক নিৰাপত্তা সুনিশ্চিত কৰা, মহানগৰীত শ্ৰমিক ভৱন নিৰ্মাণ কৰা, পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাকে ধৰি মুঠ ১৩ দফীয়া দাবীৰ সমৰ্থনত আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে অহা ১ মে’ত চকা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ আৰু সদৌ গুৱাহাটী ট্ৰেকাৰ চালক সন্থাই।

পৃথকে পৃথকে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তযোগে পৰিষদৰ সাধাৰণ সম্পাদক এ ৰেজ্জাক আহমেদ আৰু সন্থাৰ সাধাৰণ সম্পাদক জ্যোতি হাজৰিকাই দেওবাৰে এই কথা অৱগত কৰিছে।

মটৰ পৰিবহণ শ্ৰমিক সংগঠন দুটাৰ নেতৃবন্দই জনোবা মতে অহা ১ মে’ৰ পুৱা পাঁচ বজাৰ পৰা দুই মে’ৰ পুৱা পাঁচ বজালৈ সংগঠন দুটাৰ অধীনস্থ সকলো যান-বাহনৰ চলাচল বন্ধ থাকিব। লগতে সংগঠন দুটাই পৃথকে পৃথকে সিদিনা আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে শোভাযাত্ৰা উলিওৱাৰ লগতে মটৰ পৰিবহন শ্ৰমিকৰ সমস্যাৰ সমাধানৰ বাবে আলোচনা সভাও অনুষ্ঠিত কৰিব।

উক্ত সভাত শ্ৰমিক সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব বুলি বিজ্ঞপ্তিযোগে জানিব পৰা গৈছে।

আনহাতে শ্ৰমিক দিৱসত চকা বন্ধ কাৰ্যসূচীৰ বিৰোধিতা কৰিছে চিআইটিয়ুৱে। ইয়াৰ বিপৰীতে সকলো মটৰ পৰিবহন শ্ৰমিকে ‘শ্ৰমিক দিৱস’ত অংশ লৈ নিজ নিজ কৰ্তব্যত যোগদান কৰা উচিত বুলি কয় চিআইটিইউৰ নেতা তপন শৰ্মাই। উল্লেখযোগ্য যে চিআইটিইউৰ উদ্যোগতো ১ মে’ত শ্ৰমিক দিৱস উদ্‌যাপন কৰা হ’ব।

Related News