NORTHEAST NOW (Assamese)
অসম

২০১৬ত স্থাপন কৰা বঢ়মপুৰৰ জ্ঞানদ্বীপ জাতীয় বিদ্যালয়ৰ মেট্ৰিকত প্ৰথমবাৰতে ১০০ শতাংশ সফলতা

Posted by: মিণ্টু দাস May 26, 2018 4:49 pm
জ্ঞানদ্বীপ জাতীয় বিদ্যালয়

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ বঢ়মপুৰৰ জ্ঞানদ্বীপ জাতীয় বিদ্যালয়ে ১০০ শতাংশ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে বঢ়মপুৰৰ জ্ঞানদ্বীপ জাতীয় বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈ ১০০ শতাংশ উত্তীৰ্ণৰে সুন্দৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

২০১৬ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনে প্ৰথম পদক্ষেপতে নিকটৱৰ্তী ২ খন চৰকাৰী বিদ্যালয় আৰু ১ খন ব্যক্তিগত বিদ্যালয়ক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হয়। জ্ঞানদ্বীপ শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ দ্বাৰা পৰিচালিত বিদ্যালয়খনৰ সফলতাত সমূহ বঢ়মপুৰবাসী ৰাইজে আনন্দ প্ৰকাশ কৰিছে।

মন কৰিব লগীয়া যে ২০১৬ চনৰ বিদ্যালয় প্ৰতিষ্ঠাকালতে নৱম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হৈছিল। ফলত এইবাৰ বিদ্যালয়খনৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।