NORTHEAST NOW (Assamese)
অসম

২০১৭ চনত অসমত হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰাণ গ’ল ৮৬ জনৰ

Posted by: এন ই নাও নিউজ December 22, 2017 2:46 pm

বিগত কিছু বছৰত হাতী-মানুহৰ সংঘাতৰ ফলত ৰাজ্যত ৯০০ ৰো অধিক লোক মৃত্যুমুখত পৰাৰ বিপৰীতে ২৫০ টা বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি এক সূত্ৰত প্ৰকাশ পাইছে। লক্ষণীয় যে প্ৰত্যেক বছৰৰ শীত কালত বনৰীয়া হাতীৰ আক্ৰমণত ভালেসংখ্যক লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত বনৰীয়া হাতী সমূহে বনাঞ্চলৰ পৰা লোকালয়লৈ আহি বিভিন্ন খাদ্য শস্যৰ খেতি পথাৰ সমূহ তহিলং কৰে যাৰ ফলত মানুহৰ সৈতে সংঘাতৰ সৃষ্টি হয়। ইয়াৰ ফলতে মানুহ আৰু বনৰীয়া হাতীয়ে অস্বাভাবিক মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়। তথ্য অনুসৰি চলিত বছৰতে হাতীৰ আক্ৰমণত এই পৰ্যন্ত ৮৬ গৰাকী, ২০১৫ চনত ১১৮ গৰাকী আৰু ২০১৬ চনত ১১০ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

উল্লেখযোগ্য যে যোৱা কিছু দিনৰ পৰা ৰাজ্যখনৰ বিভিন্ন ঠাইত কৰবাত যদি ৰেইলৰ খুন্দাত কৰবাত বিদুৎস্পৃষ্ট হৈ নিয়মীয়াকৈ বনৰীয়া হাতীৰ মৃত্যু হৈ আহিছে। কিন্তু ইয়াক লৈ বনবিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বিভিন্ন প্ৰকৃতি প্ৰেমী তথা সাধাৰণ লোক ক্ষুণ্ণ হোৱা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বিদুৎ বিভাগ তথা ৰে’লৱে কৰ্তৃপক্ষক এই সম্পৰ্কে কিছু সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে।