NORTHEAST NOW (Assamese)

২০১৮ বৰ্ষৰ ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ৰ বাবে নিৰ্বাচিত বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ

February 16, 2018 8:20 am · এন ই নাও নিউজ

বিশিষ্ট সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ স্মৃতিত প্ৰদান কৰি অহা ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ ২০১৮ বৰ্ষৰ বাবে নিৰ্বাচিত কৰা হৈছে ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈক।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাস স্মৃতিৰক্ষা সমিতিয়ে অনুষ্ঠিত কৰা সংবাদমেলত এই কথা সদৰী কৰে মনোৰম গগৈ আৰু বেদব্ৰত বৰাই।

অহা ২৪ ফেব্ৰুৱাৰিত পৰাগ কুমাৰ দাসৰ ওপজা দিনটোত গুৱাহাটী প্ৰেছ ক্লাবত এই বঁটা প্ৰদান কৰা হ’ব। সংবাদিক প্ৰণয় বৰদলৈক উক্ত বঁটাটি প্ৰদান কৰিব বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইডে। এই বঁটাত থাকিব ২৫ হাজাৰ টকা, গামোচা, চেলেং চাদৰ, শৰাই, মানপত্ৰ আদি।

উক্ত অনুষ্ঠানতে পৰাগ কুমাৰ দাসৰ কৰ্মৰাজি সন্দৰ্ভত স্মাৰক বক্তৃতা প্ৰদান কৰিব গৱেষক, অধ্যাপক জয়দ্বীপ বৰুৱাই।

ইপিনে সংবাদমেলত মনোৰাম গগৈয়ে কয় যে পৰাগ কুমাৰ দাসৰ আদৰ্শ জনমানসত সজীৱ কৰি ৰখাৰ বাবে ২০১১ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। আৰু ২০১৭ বৰ্ষৰ পৰা সতীৰ্থ মঞ্চৰ সহযোগত পৰাগ কুমাৰ দাস স্মৃতি ৰক্ষা সমিতিয়ে উক্ত সাংবাদিকতা বঁটাটি প্ৰদান কৰি আহিছে।

আনহাতে, বঁটাপ্ৰাপক জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ‘আজিৰ অসম’ কাকতৰ জৰিয়তে সাংবাদিক জীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ  ‘আজিৰ বাতৰি’, ‘আমাৰ অসম’, ‘জনসাধাৰণ’, ‘ডি ৱাই ৩৬৫’, ‘প্ৰাগ নিউজ’ আদি ছপা আৰু বৈদ্যুতিন মাধ্যমৰ জৰিয়তে দীৰ্ঘদিন ধৰি অসমৰ সংবাদ জগতলৈ সেৱা আগবঢ়াই আহিছে।

বৃহস্পতিবাৰে আয়োজিত সংবাদমেলত ‘আমাৰ অসম’ কাকতৰ ব্যুৰ’ চীফ মনোজ কুমাৰ নাথ, প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।

Related News