NORTHEAST NOW (Assamese)

২০২০ চনৰ ভিতৰত গুৱাহাটীৰ প্ৰত্যেক পৰিয়ালে পাব পৰিস্কাৰ পানী : ৰাজ্যপাল

February 19, 2018 10:04 pm · নবাৰুণ গুহ

পৰিস্কাৰ খোৱা পানীৰ নাটনি গুৱাহাটীবাসীয়ে ভোগ কৰি অহা এক দীৰ্ঘদিনীয়া সমস্যা। অৱশ্যে ২০২০ চনৰ ভিতৰত এই সমাধান কৰা হ’ব বুলি মন্তব্য কৰে ৰাজ্যপাল জগদিশ মুখিয়ে।

আৱৰ্ত ভৱনত আজি সাংবাদিকৰ সৈতে মত-বিনিময় কৰি মুখিয়ে কয়, ‘গুৱাহাটীৰ দৰে মহানগৰীয়ে ইয়াৰ ৪০ শতাংশ জনসাধাৰণক পাইপ যোগে পৰিস্কাৰ খোৱা পানী যোগান ধৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক। অৱশ্যে ২০২০’ৰ ভিতৰত এই সমস্যা সম্পুৰ্ণৰূপে সমাধান কৰা হ’ব আৰু প্ৰত্যেক পৰিয়ালে পৰিস্কাৰ পানী লাভ কৰিব।’

আনহাতে বাৰিষা কালত মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ কথা সোধাত তেওঁ কয়, ‘আমি বানপানীয়ে সৃষ্টি কৰা প্ৰলয় সম্পৰ্কে ভালকৈয়ে অৱগত যদিও ইয়াৰ পৰা আহৰণ কৰিব পৰা সুযোগকলৈ বিশেষ গুৰুত্ব দিয়া নায়। শুকান বতৰৰ কাৰণে  হাৰিয়ানাত ধান খেতিৰ বাবে পথাৰখনক সাজু কৰিবলৈ আঢ়ৈমাহ সময় লাগে। কিন্তু অসমৰ অনুকুল বতৰৰ বাবে এইক্ষেত্ৰত যথেষ্ট কম সময়ৰ প্ৰয়োজন হয়। কৃষি খণ্ডত যথাযথ গুৰুত্ব দিলে আমি ৫ বছৰত পাঞ্জাবক চেৰ পেলাব পাৰিম।’

নিজকে এগৰাকী সক্ৰিয় ৰাজ্যপাল বুলি অভিহিত কৰি মুখিয়ে আৰু কয়, ‘মই ৰাজ্যখনৰ মূৰব্বী নহয়। চৰকাৰৰ কাৰ্য্যপ্ৰণালীত হস্তক্ষেপ কৰাৰ মোৰ ক্ষমতাও নাই আৰু মই হস্তক্ষেপ কৰিবও নোখোজো। কিন্তু মই মানুহক সহায় কৰিব খোজো, ৰাজনীতিত যোগদান কৰাৰ আগতেও মই সামৰ্থ অনুযায়ী বহু লোকক সহায় কৰিছিলো।’

নিজৰ সক্ৰিয়তাৰ উদাহৰণ দি তেওঁ কয় যে ৬ ডিচেম্বৰত তেওঁ কেইগৰাকীমান জেষ্ঠ বেংক বিষয়াক লগ ধৰি বেংকসমূহৰ প্ৰত্যেকটো শাখাকে ৩ গৰাকী লোকক ঋণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল। ইয়াৰ ফলত প্ৰায় ৬ৰ পৰা ৭ হেজাৰ লোক উপকৃত হৈছিল বুলি মুখিয়ে জনায়।

Related News