NORTHEAST NOW (Assamese)
অসম

২০ বছৰৰ বাবে ‘মদ’ এৰিলে ‘বড়ো’ জাতিটো হ’ব পৃথিৱীৰ শ্ৰেষ্ঠতম জাতি : প্ৰমোদ বড়ো

Posted by: এন ই নাও নিউজ July 29, 2018 11:40 am
2018_4$largeimg227_Apr_2018_094244637

বড়োলেণ্ড হৈছে বড়োৰ ন্যায্য দাবী, এই দাবী পূৰণ নোহোৱালৈকে আমাৰ আন্দোলন চলি থাকিব’। এবছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰমোদ বড়োৱে শনিবাৰে বাক্সা জিলাৰ গোৰেশ্বৰত এক অনুষ্ঠানত অংশ লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

এবছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ ৩১ সংখ্যক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ লৈ প্ৰমোদ বড়োৱে কয়- ‘এবছু বড়ো জাতিৰ প্ৰহৰী তথা সুৰক্ষা কৱচ। জাতিটোক কেনেদৰে উন্নতিৰ দিশলৈ লৈ যাব পাৰি তাৰ বাবে আমাৰ এই সংগঠনটোৱে চিন্তা কৰি আহিছে আৰু আগলৈও কৰি যাব’।

সভাপতিগৰাকীয়ে লগতে অধিৱেশনত উপস্থিত থকা কৰ্মকৰ্তাসকলক উদ্দেশ্যি কয় যে কোনেও নিজৰ কামত সংগঠনক মঞ্চ হিচাপে ব্যৱহাৰ কৰাটো উচিত নহয়।

‘বড়ো জাতিটো আজিও এক হ’ব পৰা নাই। আমি সকলো দিশতে উন্নতি কৰিবলৈ হ’লে জাতিটো এক হ’বই লাগিব। ২০ বছৰ যদি বড়ো জাতিটোৱে মদখোৱা এৰি দিয়ে তেন্তে বড়ো হ’ব পৃথিৱীৰ শ্ৰেষ্ঠতম জাতি’। এইদৰে তাৎপৰ্যমূলক মন্তব্য কৰে প্ৰমোদ বড়োৱে।

শনিবাৰৰ এই বৈঠকত গোৰেশ্বৰ আঞ্চলিকৰ সভাপতি লক্ষেশ্বৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত এন ডি এফ বিৰ (প্ৰগতিশীল) আলোচনাপন্থী গোটৰ নেতা এম গোৰেমা, বড়ো সাহিত্য সভা জিলা সমিতিৰ সম্পাদক চণ্ডীচৰণ বড়ো, বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি কৃষ্ণ দাস স্বৰ্গীয়াৰী, এবছুৰ প্ৰাক্তন জিলা সভাপতি হাংগামা নাৰ্জাৰীকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।