NORTHEAST NOW (Assamese)
Popular Stories

২১ জানুৱাৰিত ডিব্ৰুগড়ত নাগৰিকত্ব আইন সংশোধনবিৰোধী সভাঃ থাকিব অজিত ভূঞা, নগেন শইকীয়া

Posted by: অভিক চক্ৰবৰ্তী January 19, 2018 8:07 pm
ডিব্ৰুগড়ত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ সংবাদমেল

নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে বিজেপিক আজি তীব্ৰভাৱে সমালোচনা কৰে।

আজি ডিব্ৰুগড় প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলযোগে মঞ্চটোৱে ঘোষণা কৰে যে হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিব খোজা নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক ২০১৬ৰ বিৰুদ্ধে তেওঁলোকে অহা ২১ জানুৱাৰিত ডিব্ৰুগড়ত এখন ৰাজহুৱা সভা আয়োজন কৰিছে।

মঞ্চটোৰ মুখ্য আহ্বায়ক শৰৎ চন্দ্ৰ নেওগে কয় যে, ‘আমি চৰকাৰক এই সিদ্ধান্তৰ বিৰোধিতা কৰিছো কাৰণ ইয়াৰ ফলত অসমৰ খিলঞ্জীয়া লোকসকল নিজৰ ভূমিতে সংখ্যালঘুত পৰিণত হ’ব। আমি সকলো সংগঠনকে আমাৰ সৈতে জড়িত হ’বৰ বাবে আৰু এনে এখন বিধেয়কৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আহ্বান জনাইছো।’

তেওঁ লগতে কয় যে, ‘বিজেপিয়ে সংসদত এই বিধেয়কখন গৃ্হীত কৰিব খুজিছে। এইটো অসমবাসীৰ মতামত নোলোৱাকৈ লোৱা এটা অসমবিৰোধী পদক্ষেপ। আমি অসমৰ খিলঞ্জীয়া ৰাইজক আৰু অসমত বাস কৰা সকলো লোককে এই বিধেয়কখনৰ অশুভ পৰিণাম সম্পৰ্কে সজাগ হ’বৰ বাবে আৰু ইয়াৰ প্ৰতিবাদত ওলাই আহিবৰ বাবে আহ্বান জনাইছো।’

মঞ্চৰ অন্য এজন সদস্য ৰাতুল গগৈয়ে কয়, ‘নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰে কৈছিল যে শাসনলৈ আহিলে তেওঁলোকে ৰাজ্যৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক খেদিব। কিন্তু চৰকাৰ গঠন কৰি তেতিয়া তেওঁলোকে ওলোটা খৰ মাৰিছে। বিজেপিয়ে অসমৰ ৰাইজক বিশ্বাসঘাটকতা কৰিছে। সেয়ে আমি সকলো ব্যক্তি আৰু সংগঠনক এই বিধেয়কখনৰ বিৰুদ্ধে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো।’

বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়াই সভাখনত অংশগ্ৰহণ কৰিব।