NORTHEAST NOW (Assamese)

২২ ছেপ্টেম্বৰৰ দিনটো গঁড় দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

February 23, 2018 6:47 pm · এন ই নাও নিউজ

ৰাজ্যখনৰ এশিঙীয়া গঁড়ৰ বিশ্ব পৰিচিতিৰ দিশটোৰ ওপৰত আলোকপাতেৰে ৰাজ্য চৰকাৰে ২২ ছেপ্টেম্বৰৰ দিনটো গঁড় দিৱস হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। বৃহস্পতিবাৰে মুখ্য মন্ত্ৰীৰ সভাকক্ষত আয়োজিত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ দশম বৈঠকত অধ্যক্ষতা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰস্তাৱ প্ৰদান কৰে।

উক্ত বৈঠকতে এশিঙীয়া গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় গঁড় প্ৰকল্পৰ দৰে ৰাজ্যিক গঁড় প্ৰকল্প প্ৰাৰম্ভণ কৰা হ’ব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়। লগতে তেওঁ কয় যে অস্বাভাৱিক কাৰণত বন্যজন্তুৰ মৃত্যু হ’লে সেই স্থানত তাৎক্ষণিক বাহিনী প্ৰেৰণৰ উদ্যোগ ল’বলৈও ৰাজ্যিক বন্যপ্ৰাণী পৰিষদক নিৰ্দেশ দিয়ে।

বৃহস্পতিবাৰৰ বৈঠকত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগিয়াৰী, বন বিভাগৰ দয়িত্বত থকা অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰ, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, মুখ্য প্ৰধান বন সংৰক্ষক বিকাশ ব্ৰহ্মৰ লগতে বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত আছিল।

Related News