২৪ ঘণ্টীয়া মণিপুৰৰ থৌবাল জিলা বন্ধত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত
মণিপুৰৰ থৌবাল নদী সংৰক্ষণ সমিতিয়ে শুকুৰবাৰৰ মাজনিশাৰ পৰা শনিবাৰৰ মাজনিশালৈ আহ্বান জনোৱা ২৪ ঘণ্টীয়া থৌবাল জিলা বন্ধৰ ফলত আজি জিলাখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে।
উল্লেখ্য যে জিলাখনৰ আয়ুসৰেখা হিচাপে বিবেচিত থৌবাল নদীখনৰ সুৰক্ষাৰ বাবে বিভিন্ন সময়ত স্থানীয় দল-সংগঠনে প্ৰতিবাদ কৰি আহিছে যদিও এইক্ষেত্ৰত গা লৰা নাই চৰকাৰৰ। সেয়েহে চৰকাৰৰ নেতিবাচক ভূমিকাৰ বিৰুদ্ধে এই ২৪ ঘণ্টীয়া থৌবাল জিলা বন্ধৰ আহ্বান জনোৱা হৈছে।
অৱশ্যে বন্ধৰ সময়ছোৱাত বিদ্যালয়, মেডিকেল, বিদুৎ যোগান, পানী যোগান, ধৰ্মীয় কাৰ্যসূচী আদিৰ দৰে জৰুৰীকালীন সেৱা সমূহক ৰেহাই দিয়াৰ ফলত উক্ত খণ্ড সমূহত এই বন্ধৰ কোনো প্ৰভাৱ পৰা নাই।
আনহাতে সংবাদ মাধ্যমকো এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বুলি জানিব পৰা গৈছে।
স্মৰ্তব্য যে নদীখন সুৰক্ষিত কৰাৰ বাবে থৌবাল নদী সংৰক্ষণ সমিতিয়ে চৰকাৰক ১৬ ফেব্ৰুৱাৰিৰ চৰম সীমা বান্ধি দি কাৰ্যব্যৱস্থা গ্ৰহণ অবিহনে কঠোৰ আন্দোলনৰ হুংকাৰ দিছিল ।
উল্লেখ নিষ্প্ৰয়োজন যে থৌবাল নদীখনক প্ৰদূষণমুক্ত তথা সুৰক্ষিত কৰাৰ বাবে বিভিন্ন সময়ত মণিপুৰৰ দল-সংগঠনে প্ৰতিবাদ জনায় আহিছে। আনকি নদীখনৰ পৰা বালি খননৰ বাবেও নীতি-নিয়ম কঠোৰ কৰাৰ আহ্বান জনায় আহিছে দল-সংগঠনবোৰে।