NORTHEAST NOW (Assamese)

২৪ মাৰ্চত কেইবাটাও দাবী লৈ ছিকিম ক্ৰান্তিকাৰী মৰ্চাই উলিয়াব ‘মাৰ্চ ফৰ জাষ্টিছ’

March 20, 2018 8:45 pm · সাগৰ ছেত্ৰী
Updated: March 20, 2018 9:28 pm

ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছ কে এম দলে চৰকাৰৰ প্ৰতি বিভিন্ন দাবী লৈ অহা ২৪ মাৰ্চত গেংটকত ‘মাৰ্চ ফৰ জাষ্টিছ’ নামেৰে এক প্ৰতিবাদী শুভাযাত্ৰা বাহিৰ কৰিব।

প্ৰেছ বিবৃতিটোৰ মতে দলটোৱে উত্থাপন কৰিবলগীয়া ৭টা দাবীৰ ভিতৰত আছে-

বৰ্ধিত কাৰ্যকালৰ বাবে চাকৰিত থকা চৰকাৰী চাকৰিয়াল সকলক তাৎক্ষণিক অৱসৰ দি সেই ঠাইত শিক্ষিত নিবনুৱাৰ বাবে স্থায়ী নিয়োগৰ ব্যৱস্থা কৰা।

মাষ্টাৰ ৰোল, তদৰ্থভিত্তিক আৰু ঠিকাভিত্তিক থকা কৰ্মচাৰীসকলৰ চাকৰি শীঘ্ৰে নিয়মীয়াকৰণ কৰা।

৫ বছৰ ধৰি চাকৰি কৰি থকা গৃহৰক্ষী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে তেওঁলোকক বকেয়া ধন প্ৰদান কৰা।

ইয়াৰোপৰি যিহেতু গৃহৰক্ষী সকলে আৰক্ষীৰ প্ৰশিক্ষণ লাভ কৰিছে সেয়ে তেওঁলোকক নৈশ চকিদাৰ বা পিয়ন হিচাপে নিয়োগ নকৰি আৰক্ষীলৈ পদোন্নতি কৰাৰ ব্যৱস্থা কৰা।

ব্যক্তিগতখণ্ডত থকা ঠিকাভিত্তিক ব্যৱস্থা বিলুপ্ত কৰি চৰকাৰী বিভাগত সাক্ষাৎকাৰৰ জৰিয়তে নিয়মীয়াভাৱে নিযুক্তি দিয়া।

ঠিকাৰ কামত স্থানীয় যুৱকসকলক অগ্ৰাধিকাৰ দিয়া ইত্যাদি।

৫ম মাইল টেডোঙৰ সৰস্বতী মন্দিৰৰ পৰা জিৰো পইণ্টত থকা ভানু পাৰ্কলৈ শুভাযাত্ৰা উলিওৱা হ’ব বুলি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দি এছ কে এমে জনসাধাৰণক উক্ত প্ৰতিবাদী শুভাযাত্ৰাটোত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Related News