NORTHEAST NOW (Assamese)
অসম

৩০ জুনৰ ভিতৰত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল

Posted by: এন ই নাও নিউজ March 4, 2018 8:12 am
Assam

২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা ৩০ জুনৰ ভিতৰত ঘোষণা কৰিব ছেবাই।

মাধ্যমিক শিক্ষা পৰিষদ, অসম চমুকৈ ছেবাৰ নৱনিযুক্ত অধ্যক্ষ আৰ চি জৈনে শনিবাৰে এই কথা ঘোষণা কৰে।

শনিবাৰে দায়িত্ব গ্ৰহণ কৰি অধ্যক্ষগৰাকীয়ে উক্ত ঘোষণা কৰাৰ লগতে চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষা সকলোৰে সহযোগত সুকলমে অনুষ্ঠিত হৈ যোৱা বুলিও দাবী কৰে।

নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে ছেবাৰ সংস্কাৰৰ বাবে বিভিন্ন কৰ্মসূচী গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে।  ছেবাৰ সকলো নথি-পত্ৰ ডিজিটেল ৰূপ দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। অহা ছমাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব অধ্যক্ষগৰাকীয়ে।

আনহাতে, শৈক্ষিক ক্ষেত্ৰখনতো পৰিৱৰ্তন অনাৰ চিন্তা কৰিছে অধ্যক্ষগৰাকীয়ে। ছেবাৰ পুৰণি গতানুগতিক পাঠ্যক্ৰমৰ সালসলনি কৰিব বুলি জৈনে জানিবলৈ দিয়ে। ইয়াৰ বাবে ছেবাই নতুন লেখকক গুৰুত্ব দিব আৰু তেওঁলোকৰ দ্বাৰাই এনে পাঠ্যক্ৰম যুগুতাই উলিয়াব।

ইণ্টাৰনেটৰ ব্যাপক প্ৰচাৰ-প্ৰসাৰৰ সময়ত আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে ছাত্ৰ-ছাত্ৰীয়ে সাহসেৰে সন্মুখীন হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সাম্প্ৰতিক বিষয়বস্তুৰ ওপৰত পাঠ্যক্ৰমত বিষয় অন্তৰ্ভুক্তিৰ সময় আহি পৰিছে বুলি অধ্যক্ষ জৈনে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা জৈনক তিনি বছৰৰ বাবে ছেবাৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰা হৈছে।