NORTHEAST NOW (Assamese)

৩১ জনীয়া সদস্যৰে শিৱসাগৰত আটাছুৰ শক্তিশালী জিলা সমিতি গঠন

July 7, 2018 12:26 pm · হিতোজ্বল চেতিয়া

শিৱসাগৰ যুৱ দল প্ৰাংগণত  বৃহস্পতিবাৰে অনুষ্ঠিত হয় শিৱসাগৰ জিলা তাই আহোম ছাত্ৰ সন্থাৰ একাদশ দ্বি বাৰ্ষিক প্ৰতিনিধি সভা। উক্ত সভাত সভাপতি হিচাপে ধৰ্মেন গগৈ, কাৰ্যকৰী সভাপতি মৌচম বৰগোঁহাই আৰু যুটীয়া সম্পাদক হিচাপে নিপন বৰুৱা,মানস সন্দিকৈক লৈ ৩১ জনীয়া এখন শক্তিশালী জিলা সমিতি গঠন কৰা হয়।

উল্লেখ‍্য যে ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি তথা জিলা সমিতিৰ নৱ নিৰ্বাচিত যুটীয়া সম্পাদক নিপন বৰুৱা, পূৰ্বতে সফলতাৰে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ  সম্পাদক, ডিমৌ মহাবিদ্যালয়ৰ প্ৰাক্তন সম্পাদক তথা ডিমৌ আটাছুৰ সম্পাদক আৰু সভাপতিৰ  দায়িত্ব গ্ৰহণ কৰি জাতীয় সংগ্ৰামৰ এজন অক্লান্ত কৰ্মী হিচাপে কাম কৰি আহিছে।

তেওঁৰ সফলতাত ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত গগৈ, সাধাৰণ সম্পাদক সুমিত কুমাৰ সন্দিকৈ, শিৱসাগৰ মহকুমা আটাছুৰ কাৰ্যকৰী সভাপতি সন্দীপ গগৈ, শিক্ষা সম্পাদক মনোৰঞ্জন চেতিয়া, প্ৰচাৰ সম্পাদক সুনিত ফুলকোঁৱৰ, লাচিত ফুকনৰ  লগতে থাওৰা সমষ্টিৰ অন্তৰ্গত ২১ খন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছে।

তদুপৰি ডিমৌ নগৰ সমিতিৰ প্ৰতিনিধি গোবিন গগৈয়ে জিলা উপ সভাপতিৰ দায়িত্ব লাভ কৰাত সকলোৱে অভিনন্দন জ্ঞাপন কৰাৰ লগতে থাওৰা সমষ্টিৰ আটাছুৰ সতীৰ্থসকল উৎফুল্লিত হৈ পৰিছে।

Related News