NORTHEAST NOW (Assamese)
অসম

৩৩১ কোটি টকাত ডুমডুমাৰ ৮ খন চাহ বাগিচা বিক্ৰী কৰিলে মেকলয়ড ৰছেলে

Posted by: এন ই নাও নিউজ June 7, 2018 8:17 am
aa-Cover-r1mo7gsfc92fe1k5ib2bu8k6e7-20161222133140.Medi

প্ৰায় ৬০০ কোটি টকাৰ লোকচানত চলি থকা মেকলয়ড ৰছেল ইণ্ডিয়া লিমিটেডৰ আঠখন চাহ বাগিচা বহুজাতিক চাহ কোম্পানী এম কে শ্বাহ এক্সপ’ৰ্ট লিমিটেডে ক্ৰয় কৰা বুলি জানিব পৰা গৈছে।

উদ্যোগটোৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে দীৰ্ঘদিন ধৰি শ্ৰমিক-কৰ্মচাৰীক দৰমহা, স্বাস্থ্য, শিক্ষাকে ধৰি অত্যাৱশ্যকীয় সেৱা সমূহৰ পৰা বঞ্চিত কৰি ৰখা বৃহৎ চাহ কোম্পানীটোৱে অৱশেষত ৩৩১ কোটি টকাত আঠখনকৈ চাহ বাগিচা এম কে শ্বাহ এক্সপ’ৰ্ট লিমিটেডক বিক্ৰী কৰাৰ আনুষ্ঠানিক চুক্তিত স্বাক্ষৰ কৰিছে।

সূত্ৰটোৱে জানিব দিয়া মতে মেকলয়ড ৰছেল ইণ্ডিয়া লিমিটেডৰ কলকাতাস্থিত মুখ্য কাৰ্যালয়ত মঙলবাৰে সংগোপনে চাহ বাগিচা বিক্ৰী সম্পৰ্কত এম কে শ্বাহ এক্সপ’ৰ্ট লিমিটেডৰ সৈতে দুয়ো পক্ষৰ চুক্তি সম্পন্ন হয়।

সূত্ৰসমূহে জনোৱা মতে মেকলয়ড ৰছেল ইণ্ডিয়া লিমিটেডে প্ৰায় এহেজাৰকোটি টকাৰ ধাৰত ডুব গৈ আছিল। আনকি বিগত চাৰিটা মাহত বৃহৎ কোম্পানীটোৱে ১৪২ কোটি টকাৰ লোকচান ভৰিছিল।

এনে অৱস্থাত কোম্পানীটোৱে অসমত থকা ৫২ খন চাহ বাগিচাৰ উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমা চাৰ্কোলৰ অন্তৰ্গত আঠখন চাহ বাগিচা ক্ৰমে বিছাকুপি, ৰাইডাং, দৈমুখীয়া, ফিল’বাৰী, বৰডুবি, চামদাং, বাঘজান আৰু কুমচাং চাহ বাগিচা এম কে শ্বাহ এক্সপ’ৰ্ট লিমিটেডক বিক্ৰী কৰিছে।

আনহাতে, মেকলয়ড ৰছেল ইণ্ডিয়া লিমিটেডে এই চাহ বাগিচা বিক্ৰী সম্পৰ্কত অসম চৰকাৰক এতিয়াও জনোৱা নাই বুলি জানিব পৰা গৈছে।