NORTHEAST NOW (Assamese)
অসম

৪৮ ঘণ্টীয়া দুলীয়াজান বন্ধত স্তব্ধ তৈলনগৰীখনৰ জনজীৱন

Posted by: এন ই নাও নিউজ February 12, 2018 11:32 pm
Bangladesh, Bhutan, India, Nepal Motor Vehicles Agreement to benefit four countries

দুলীয়াজানৰ ৰেলৱে ষ্টেচনৰ পৰা টিপলিঙলৈকে ৪ কি:মি: দৈৰ্ঘৰ পথছোৱা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নোঠাৰ প্ৰতিবাদত দুলীয়াজানৰ আঠটাকৈ সংগঠনৰ উমৈহতীয়া মঞ্চ জাতি-জনগোষ্ঠীয় ঐক‍্য মঞ্চই জনোৱা ৪৮ ঘণ্টীয়া দুলীয়াজান বন্ধত আজি তৈলনগৰী খনৰ জনজীৱন স্তব্ধ হৈ পৰে।

উল্লেখযোগ্য যে অইল ইণ্ডিয়া লিমিটেডে উক্ত পথটো নিৰ্মাণৰ বাবে ২৪ কোটি ২৩ লাখ টকা ধাৰ্য কৰি ২০১২ -১৩ বৰ্ষত এক বুজাবুজি চুক্তি যোগে গড়কাপ্তানী বিভাগক পথটোৰ নিৰ্মাণৰ দ্বায়িত্ব অৰ্পণ কৰিছিল।

১৮ মাহতে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব লাগিছিল যদিও আজি ছবছৰ পাৰ হৈ যোৱাৰ পিছটো পথটোৰ বেছিভাগ অংশৰে কাম অসম্পূৰ্ণ হৈ আছে।

ইয়াৰ প্ৰতিবাদত দুলীয়াজানৰ আঠটাকৈ সংগঠনে মিলি আজি ৪৮ ঘণ্টীয়া দুলীয়াজান বন্ধ জনোৱাৰ লগতে পথটোৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰা, নিৰ্মাণৰ দ্বায়িত্বত থকা ঠিকাদাৰক ব্লেকলিষ্টেড কৰা আদি দাবীৰে ঠায়ে ঠায়ে টায়াৰ জলাই পৰিবেশ উত্তাল কৰি তোলে।

বন্ধটোৰ প্ৰতি দুলীয়াজানৰ সাধাৰণ ৰাইজৰ উপৰি স্থানীয় ব্যৱসায়ী সকলেও সঁহাৰি জনোৱা দেখিবলৈ পোৱা যায়। অৱশ্যে প্ৰশাসনৰ ফালৰ পৰা কাইলৈ সংগঠনটোৰ সৈতে এক বৈঠক আহ্বান কৰাত বন্ধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে।

আনহাতে বন্ধৰ সময়ছোৱাত আৰক্ষীয়ে নগৰখনৰ বিভিন্ন স্থানৰ পৰা কেইবাগৰাকী বন্ধৰ সমৰ্থকক আটক কৰিছিল যদিও পিছত তেওঁলোকক মুকলি কৰি দিয়ে।