NORTHEAST NOW (Assamese)

৪ ডিচেম্বৰৰ গুলীচালনা সন্দৰ্ভত ৩০ মে’ত চিৰাঙৰ অতিৰিক্ত জিলা দণ্ডাধীশৰ শুনানি

May 24, 2018 11:23 am · ৰিনয় বসুমতাৰী
প্ৰতিনিধিত্বমূলক ছবি

চিৰাং জিলাৰ ৰুনিখাটা আৰক্ষী থানাৰ অন্তৰ্গত বলমবাৰী বাগান অঞ্চলত ২০১৭ চনৰ ৪ ডিচেম্বৰত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত চিৰাঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ সন্জীৱ কুমাৰ শৰ্মাই অহা ৩০ মে’ত এক শুনানিৰ আহ্বান কৰিছে।

উল্লেখযোগ্য যে চিৰাং আৰক্ষী আৰু বিদ্ৰোহী সংগঠনৰ মাজত সংঘটিত উক্ত গুলীচালনাটোত ৰাজীৱ বসুমতাৰী নামৰ এজন লোকৰ মৃত্যু হৈছিল। নিহত ৰাজীৱৰ ঘৰ ৰুনিখাটা আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং চাম’ডুইছা গাঁৱত।

উক্ত ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বাবে চিৰাঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ সন্জীৱ কুমাৰ শৰ্মাক দায়িত্ব দিয়া হৈছিল।

সেই উদ্দেশ্যৰে শৰ্মাই আগ্ৰহী ব্যক্তি, প্ৰত্যক্ষদৰ্শী, সামাজিক সংগঠন আৰু নিহত ব্যক্তিজনৰ পৰিয়ালৰ সদস্যসকলক ৩০ মে’ত, কাজলগাঁৱত অৱস্থিত চিৰাং জিলা উপায়ুক্ত কাৰ্যালয়ত থকা তেওঁৰ কাৰ্যালয় কক্ষত, হ’ব লগীয়া শুনানিত উপস্থিত থাকি ঘটনা সম্পৰ্কিয় নিজৰ নিজৰ বক্তব্য, প্ৰতিবেদন বা তথ্য-পাতি দাখিল কৰিবলৈ আহ্বান জনাইছে।

শুনানি গ্ৰহণৰ সময় দিনৰ ১১ বজাৰ পৰা আবেলি ৪ বজালৈ।

Related News