NORTHEAST NOW (Assamese)

৪ মাৰ্চত গুৱাহাটীত চতুৰ্থ সংখ্যক মহিলা মটৰচাইকেল ৰেলী

February 19, 2018 5:22 pm · এন ই নাও নিউজ
Updated: February 19, 2018 5:40 pm

অহা ৪ মাৰ্চত গুৱাহাটীত চতুৰ্থ সংখ্যক মহিলা মটৰচাইকেল ৰেলী অনুষ্ঠিত কৰা হ’ব।

৮ মাৰ্চত মহিলা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰিবলৈ লোৱা উক্ত ৰেলী গুৱাহাটীৰ পৰা আৰম্ভ হৈ মায়ঙৰ ছনকা ইক’ কেম্পত সামৰণি পৰিব।

xBhp নামৰ ভাৰতৰ সৰ্ববৃহৎ আৰু আটাইতকৈ জনপ্ৰিয় মটৰচাইক্লিং মঞ্চটোৱে উক্ত ৰেলীটো আয়োজন কৰিব।

৬০,০০০ তকৈ অধিক সংখ্যক সদস্য থকা মটৰচাইক্লিং ক্নাবটোৱে দেশৰ লগতে বিদেশটো মটৰচাইকেল ৰেলী আয়োজন কৰি আহিছে।

তিনিটা মটৰচাইকেল ৰেলী সফলতাৰে অনুষ্ঠিত হৈ যোৱাৰ পিছত অহা ৮ মাৰ্চত হ’বলগীয়া ৰেলীটোকলৈ মহিলা বাইকাৰ সকল যথেষ্ট উৎসাহী হৈ আছে।

আগৰ ৰেলীকেইটাত বহুত মহিলা অংশগ্ৰহণকাৰীয়ে ভাগ লৈছিল বুলি এগৰাকী উদ্যোক্তাই জানিবলৈ দিয়ে।

নাৰী সবলীকৰণৰ লক্ষ্যৰে অধিক মহিলা আৰোহীক একেলগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা ই এক অনন্য অনুষ্ঠান।

Related News