NORTHEAST NOW (Assamese)

৬ জুলাইত লামডিঙত সদৌ অসম প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতা

June 30, 2018 4:58 pm · নিখিল মুন্দ্ৰা
প্ৰতিনিধিত্বমূলক ছবি

ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তী উপলক্ষে লামডিং ক্ৰীড়া সন্থাই অহা ৬ জুলাইত হোজাই জিলাৰ লামডিঙত ‘একতা যাত্ৰা’ শীৰ্ষক সদৌ অসম (প্ৰাইজমানি) মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব।

লামডিং ক্ৰীড়া সন্থাৰ ফালৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিটোত এই কথা উল্লেখ কৰি লগতে জনাই যে উক্ত মাৰাথন দৌৰ লামডিং অসামৰিক চিকিৎসালয়ৰ চৌহদৰ পৰা পুৱা ৬ বজাত আৰম্ভ হ’ব।

বিজয়ী প্ৰতিযোগী সকলক ক্ৰমে ৭,০০০ টকা (প্ৰথম), ৫,০০০ টকা ৯ (দ্বিতীয়) আৰু ৩,০০০ টকাৰ (তৃতীয়) পুৰস্কাৰ আগবঢ়োৱাৰ লগতে ৭ গৰাকী প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে দুৰণিৰ পৰা অহা অংশ গ্ৰহণকাৰী সকলক ৫ জুলাইৰ আবেলিৰ পৰা পিছদিনা দুপৰিয়াৰ আহাৰ গ্ৰহণৰ লৈকে থকা খোৱাৰ সুবিধা প্ৰদান কৰা হ’ব। অৱশ্যে এই ক্ষেত্ৰত বাহিৰৰ পৰা অহা প্ৰতিযোগীসকলে ৫ জুলাই আবেলি ৫ বজাৰ আগত সন্থাক অৱগত কৰিব লাগিব বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে।

এই বিষয়ে আৰু কিবা জানিব লগীয়া থাকিলে ইচ্ছুক প্ৰাৰ্থীয়ে লামডিং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সুদিপ কুমাৰ দাসক ৭০০২৬৪৩৪২২ নম্বৰত বা sdas.lsa@gmail.com. যোগাযোগ কৰিব পাৰে।

Related News