NORTHEAST NOW (Assamese)

৬ লাখ টকাৰ ট্ৰেক্টৰৰ দাম কৃষি বিভাগে কৰিলে প্ৰায় ৮ লাখ টকা : বৃহৎ কেলেংকাৰীৰ অভিযোগ কৃষক মুক্তিৰ

February 10, 2018 5:49 pm · কল্পজ্যোতি শইকীয়া
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো শইকীয়াৰ সংবাদমেল

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি ঘোষণা কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কৃষি বিভাগত কৃষকক ট্ৰেক্টৰ যোগানৰ নামত বহু কোটিটকীয়া কেলেংকাৰী হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

আজি এক সংবাদমেলত সংগঠনটোৰ সভাপতি ভাস্কো-ডি শইকীয়াই অভিযোগ কৰে যে ‘ভাৰতীয় বজাৰত ৫ লাখ ৮৩ হাজাৰ ৯৪ টকাৰ মূল্যৰ  একোখন ট্ৰেক্টৰ ৭,৭৪,৪৮০ টকাত ক্ৰয় কৰা বুলি কৃষকসকলক যোগান ধৰিছে’ চৰকাৰে।

স্বয়ং ভাৰত চৰকাৰৰ চৰকাৰী ই বজাৰত উপলব্ধ ট্ৰেক্টৰৰ মূল্য আৰু ‘মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ ট্ৰেক্টৰৰ মূল্যৰ মাজত আকাশ-পাতাল পাৰ্থক্য বুলি তেওঁ দাবী কৰে।

আঁচনিখনত ‘৬৫০ কোটিৰো অধিক টকাৰ কেলেংকাৰী সংঘটিত হৈছে’ বুলি দাবী কৰি সংগঠনটোৱে এই কেলেংকাৰীত কৃষি মন্ত্ৰী অতুল বৰা জড়িত আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

ভাস্কোৱে লগতে অভিযোগ কৰে যে চলিত বিত্তীয় বৰ্ষতে ২০০০ টা  গোটৰ মাজত ১০,০০০ খন ট্ৰেক্টৰ বিতৰণৰ প্ৰতিশ্ৰুতি দি চৰকাৰে এতিয়ালৈকে কামটো সম্পূৰ্ণ কৰা নাই।

নেতাজনে কয় যে গাঁৱলীয়া কৃষকে, বহুতে আনকি হালৰ গৰুও বিক্ৰী কৰি, ট্ৰেক্টৰ লাভৰ আশাত আগধন জমা দিয়াৰ পিছতো ট্ৰেক্টৰ নোপোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

‘মেগা মিছন চচাইটি’ৰ মুখ্য বিষয়া আৰ টি জিন্দাল আৰু অতিৰিক্ত মুখ্য সচিব কে কে মিট্টালৰ ছত্ৰছায়াত এই বৃহৎ কেলেংকাৰীৰ সংঘটিত হোৱা বুলি নেতাজনে অভিযোগ কৰে।

মুখ্য মন্ত্ৰীক তেওঁ এই দুৰ্নীতিৰ এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনায়।

শইকীয়াই কয় যে স্বয়ং মুখ্য মন্ত্ৰীৰ আঁচনিতে চলি থকা এনে বেমেজালি আৰু অনিয়মে প্ৰমাণ কৰিছে যে চৰকাৰৰ দুৰ্নীতি বিৰোধিতা ভেকোভাওনাৰ বাহিৰে আন একো নহয়।

Related News