NORTHEAST NOW (Assamese)

৭টা দাবীলৈ আজি ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ ‘মাৰ্চ ফৰ জাষ্টিছ’

March 24, 2018 11:12 pm · সাগৰ ছেত্ৰী

নিৰ্ধাৰিত ৭টা দাবীলৈ ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ এছ কে এম দলে আজি গেংটকত ‘মাৰ্চ ফৰ জাষ্টিছ’ নামেৰে এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়ায়।

এই উদ্দেশ্যে  ৫ম মাইল টেডোঙৰ সৰস্বতী মন্দিৰৰ পৰা জিৰো পইণ্টত থকা ভানু পাৰ্কলৈ উলিওৱা পদযাত্ৰাত এছ কে এমৰ সভাপতি কুংগা নিমা লেপচা নেতৃত্বত দলটোৰ নেতৃবৃন্দ, কৰ্মী আৰু সমৰ্থকসকলে হাতত বেনাৰ, প্লে’কাৰ্ড লৈ অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি ডি বি চৌহানেও ৰেলীটোত সহযোগ কৰে।

পিছত এছ কে এমৰ এটা প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ জমা দিয়ে।

উল্লেখযোগ্য যে দলটোৱে উত্থাপন কৰা ৭টা দাবীৰ ভিতৰত আছে-

বৰ্ধিত কাৰ্যকালৰ বাবে চাকৰিত থকা চৰকাৰী চাকৰিয়াল সকলক তাৎক্ষণিক অৱসৰ দি সেই ঠাইত শিক্ষিত নিবনুৱাৰ বাবে স্থায়ী নিয়োগৰ ব্যৱস্থা কৰা।

মাষ্টাৰ ৰোল, তদৰ্থভিত্তিক আৰু ঠিকাভিত্তিক থকা কৰ্মচাৰীসকলৰ চাকৰি শীঘ্ৰে নিয়মীয়াকৰণ কৰা।

৫ বছৰ ধৰি চাকৰি কৰি থকা গৃহৰক্ষী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে তেওঁলোকক বকেয়া ধন প্ৰদান কৰা।

ইয়াৰোপৰি যিহেতু গৃহৰক্ষী সকলে আৰক্ষীৰ প্ৰশিক্ষণ লাভ কৰিছে সেয়ে তেওঁলোকক নৈশ চকিদাৰ বা পিয়ন হিচাপে নিয়োগ নকৰি আৰক্ষীলৈ পদোন্নতি কৰাৰ ব্যৱস্থা কৰা।

ব্যক্তিগতখণ্ডত থকা ঠিকাভিত্তিক ব্যৱস্থা বিলুপ্ত কৰি চৰকাৰী বিভাগত সাক্ষাৎকাৰৰ জৰিয়তে নিয়মীয়াভাৱে নিযুক্তি দিয়া।

ঠিকাৰ কামত স্থানীয় যুৱকসকলক অগ্ৰাধিকাৰ দিয়া ইত্যাদি।

তেওঁৰ ভাষণত এছ কে এমৰ সভাপতি কুংগা নিমা লেপচাই অংশ্ৰগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰি ৰাজ্যখনৰ জনসাধাৰণৰ ন্যায়প্ৰাপ্তিৰ হকে সকলোকে একত্ৰিত হৈ ওলাই অহাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰোপৰি তেওঁ ছিকিমৰ আন আন জিলাতো এনে ৰেলী উলিওৱা হ’ব বুলি কয়।

শোভাযাত্ৰাটোত অংশলোৱা ৰাজ্যিক বিজেপি সভাপতি ডি বি চৌহানে এছ কে এমৰ এই উদ্যোগক প্ৰশংসা কৰাৰ লগতে দলটোৱে লোৱা অভিযানৰ প্ৰতি সম্ভৱপৰ সকলো সহায় সমৰ্থন আগবঢ়াব বুলি আশ্বাস দিয়ে।

Related News