NORTHEAST NOW (Assamese)
মণিপুৰ

৭৩ সংখ্যক ম্যানমাৰ সেনা দিৱস উপলক্ষে ভাৰত-ম্যানমাৰ সেনা বাহিনীৰ বৈঠক

Posted by: এন ই নাও নিউজ March 29, 2018 2:55 pm

ভাৰত-ম্যানমাৰ সীমা সম্পৰ্ক দৃঢ় কৰাৰ উদ্দেশ্যে যোৱা মঙলবাৰে অসম ৰাইফলছৰ সিংঘাট বেটেলিয়ন আৰু ম্যানমাৰ সেনাৰ মাজত এক সীমান্ত চকী বৈঠক অনুষ্ঠিত হয়। ৭৩ সংখ্যক ম্যান্মাৰ সেনা দিৱস উপলক্ষে প্ৰথমবাৰৰ বাবে এনে এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

সেনাৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে মণিপুৰৰ বেহিয়াং স্থিত অসম ৰাইফলছ আৰু ম্যানমাৰৰ চিক্কাস্থিত ম্যানমাৰ সেনা বাহিনীৰ প’ষ্ট কামাণ্ডাৰে ম্যানমাৰৰ সীমান্তৱৰ্তী খেনমান গাঁৱত উক্ত বৈঠক অনুষ্ঠিত কৰিছিল।

দুয়োখন দেশৰ নিৰাপত্তা বাহীনিৰ মাজত অনুষ্ঠিত উক্ত বৈঠকত দেশ দুখনৰ অশান্ত সীমান্ত অঞ্চললৈ শান্তি ঘূৰাই অনাৰ ওপৰত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।

ম্যানমাৰ সেনাৰ এক আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত দুয়োখন দেশৰ নিৰাপত্তা বাহিনী দলৰ মাজত এখন বন্ধুত্বমূলক ভলীবল খেলৰ আয়োজন কৰা হয়।