NORTHEAST NOW (Assamese)
অসম

৭ এপ্ৰিলৰ পৰা ইণ্ডিয়া ট্যুৰিজিমৰ উদ্যোগত এক্সপ্ল’ৰ য়ুথ ফেয়াৰ

Posted by: এন ই নাও নিউজ March 31, 2018 1:48 pm
jpg

অহা ৭ আৰু ৮ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হ’ব এক্সপ্ল’ৰ য়ুথ ফেয়াৰ ২০১৮। ইণ্ডিয়া ট্যুৰিজ্যিম, উত্তৰ- পূবৰ উদ্যোগত এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে।

উল্লেখযোগ্য যে এই য়ুথ ফেয়াৰখনত বিভিন্ন শিক্ষাৰ্থী, শিক্ষক আৰু উদ্যোগী সকলে একেখন মঞ্চৰ তলত ভিন্ন কৰ্মসংস্থান, কৰ্মশালা, আলোচনাচক্ৰ আৰু প্ৰদৰ্শনী আদিত আলোচনা আৰু অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব।

দুদিনীয়া এই মেলাখনত গল্প কোৱা, বক্তৃতা, তৰ্ক, সৃজনীমূলক লেখা, কুইজ, কলাত্মক যোগা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি প্ৰকাশ কৰিছে আয়োজক সকলে।

উল্লেখযোগ্য যে অনুষ্ঠানটোত ইণ্ডিয়া ট্যুৰিজ্যিম নৰ্থ ইষ্টৰ আৰডি শ্বোৱেব ছামাদ, এনআইইএলআটিৰ সঞ্চালক কে বৰুৱাৰ উপৰি বিভিন্ন ক্ষেত্ৰত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ আগবঢ়াব।

একেখন মঞ্চৰ পৰাই বিশেষকৈ শিক্ষাৰ্থী সকলে ভৱিষ্যৎ জীৱনত সহায়ক হোৱাকৈ সমল লাভ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰিছে আয়োজকসকলে। আনহাতে এই য়ুথ ফেয়াৰৰ জৰিয়তে নিৱনুৱা যুৱক- যুৱতী সকলেও কৰ্ম সংস্থাপনৰ নতুন সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।