NORTHEAST NOW (Assamese)

৭ জানুৱাৰিত গুৱাহাটীৰ পৰা স্বচ্ছ ভাৰত দৌৰৰ শুভাৰম্ভ

December 31, 2017 3:27 pm · এন ই নাও নিউজ

প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বচ্ছ ভাৰত দৌৰ নামৰ এক সমূহীয়া দৌৰ কাৰ্যসূচী অহা ৭ জানুৱাৰীত গুৱাহাটীৰ পৰা আৰম্ভ কৰা হ’ব। ৰাজ্যৰ বিনোদনমূলক ক্ৰীড়া ব্যৱস্থাপনা (Leisure Sports Management) ৰ উদ্যোগত আৰু টিপকাই নামৰ এক বেচৰকাৰী সংস্থাৰ সহযোগত উক্ত দৌৰ কাৰ্যসূচী আয়োজন কৰা হৈছে বুলি এক চৰকাৰী বিজ্ঞপ্তিৰ যোগে জানিব পৰা গৈছে। বিজ্ঞপ্তিটোত কোৱা অনুসৰি গুৱাহাটীৰ উপৰি ১৭ জানুৱাৰিত ডিব্ৰুগড়, ২১ জানুৱাৰিত যোৰহাট, ২৮ জানুৱাৰিত তেজপুৰ আৰু ফেব্ৰুৱাৰি ৪ তাৰিখে শিলচৰত দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। আনহাতে দৌৰটোক সফল কৰি তোলাৰ উদ্দেশ্যে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ লগতে আন কিছু বিভাগে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ উপৰি বিভিন্ন প্ৰকাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

Related News