NORTHEAST NOW (Assamese)

৯০০ ঔদ্যোগিক প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

February 13, 2018 2:23 pm · এন ই নাও নিউজ

প্ৰদূষণ নিয়ন্ত্ৰণ বিধিক অংগুষ্ঠ দেখুৱাই পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কামৰূপ জিলাৰ প্ৰায় ৯০০ ঔদ্যোগিক প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে।

বিভিন্ন উদ্যোগ, হোটেল আদিত আৱৰ্জনা, অপিৰশোধিত পানী নিষ্কাষণৰ উপযুক্ত ব্যৱস্থা নথকাৰ ফলত ই জনস্বাস্থ্যৰ প্ৰতি ভয়ংকৰ বিপদ মাতি আনিছে। অভিযোগ অনুসৰি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বেছিভাগ উদ্যোগ, হোটেল, নাৰ্ছিং হোম আদিত আৱৰ্জনা নিষ্কাষণৰ উপযুক্ত ব্যৱস্থা নাই।

সেয়েহে উক্ত আৱৰ্জনাই ৰোগৰ অন্যতম কাৰক হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিততে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অভিযোগৰ ভিত্তিত গুৱাহটী উচ্চ ন্যায়ালয়ে ধাৰা ৩৭৫/২০১২ ডব্লিঅ পি যোগে সংশ্লিষ্ট পক্ষলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

সেই অনুসৰি হিন্দুস্তান পেট্ৰ’লিয়াম কৰৰ্প’ৰেশ্যন লিমিটেড, গুৱাহাটী কাৰ্বন লিমিটেড, বালাজী ইণ্ডাষ্টিজ, হোটেল শিৱম পেলেচ আদিৰ দৰে প্ৰায় ৯০০ ঔদ্যোগিক প্ৰতিষ্ঠান, হোটেল আদিক ১৫ দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ কঠোৰ নিৰ্দেশ দিয়া হৈছে।

যদিহে সংশ্লিষ্ট পক্ষই এই ক্ষেত্ৰত কাৰণ দৰ্শোৱাত ব্যৰ্থ হয় তেন্তে তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্যযোগ্য যে ন্যায়ালয়ে সমগ্ৰ বিষয়টো ৬ মাহৰ ভিতৰত নিস্পত্তি কৰাৰ নিৰ্দেশ দিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক।।

Related News