NORTHEAST NOW (Assamese)
অসম

৯ মে’ত অসম ৰাজ্যিক চিৰিয়াখানাত অনুষ্ঠিত হ’ব বিদেশী পক্ষী সংৰক্ষণ বিষয়ক আলোচনা চক্ৰ

Posted by: এন ই নাও নিউজ May 7, 2018 11:19 am
Dr-Debashis-Banerjee-570x320

পক্ষী প্ৰেমী তথা পক্ষী সংৰক্ষকসকলে অহা ৯ মে’ত গুৱাহাটীত বিদেশী পক্ষীৰ প্ৰজনন বিষয়ৰ বিশেষজ্ঞৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব। অসম ৰাজ্যিক চিৰিয়াখানাই ৯ মে’ৰ ৰাতিপুৱা ৯ বজাত বিদেশী পক্ষীৰ বিষয়ে এখন আলোচনা চক্ৰৰ আয়োজন কৰিছে।

ছানছাইন বাৰ্ড ৱৰ্ল্ডৰ স্বত্ত্বাধিকাৰী ড০ দেবাশীষ বেনাৰ্জীয়ে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব। কলকাতাস্থিত ছানছাইন বাৰ্ড ৱৰ্ল্ড দেশৰ ভিতৰতে আটাইতকৈ বৃহৎ বিদেশী পক্ষী সংৰক্ষণ সংস্থা।

দন্ত চিকিৎসা শাস্ত্ৰৰ স্নাতকোত্তৰ শ্ৰেণীৰ এগৰাকী অধ্যাপক তথা ভাৰতৰ দন্ত চিকিৎসা পৰিষদৰো সদস্য ড০ দেবাশীষ বেনাৰ্জী ভাৰতত দন্ত চিকিৎসাৰ সক্ৰিয় শিক্ষায়তনিক আৰু প্ৰশাসনিক বিধি নিয়মৰ লগত জড়িত। তেওঁ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এছিয়াৰ অতি পুৰণি দন্ত চিকিৎসাৰ প্ৰতিষ্ঠান ড০ আৰ আহমেদ ডেন্টেল কলেজৰ পৰা ২০০১ চনত অপাৰেটিভ ডেন্টেষ্ট্ৰি আৰু এন্দোদন্তিকছত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তেওঁ নিজৰ বৃত্তিগত কেৰিয়াৰৰ লগতে পক্ষী সংৰক্ষণৰ বাবে থকা তেওঁৰ আকৰ্ষণ তথা চখ সুন্দৰভাৱে চলাই নিছে।

ড০ বেনাৰ্জী আমেৰিকান ফেডাৰেশ্যন অফ এভিকালচাৰ আৰু লৰ’ পাৰ্কো ফাউণ্ডেশ্যনকে ধৰি বিশ্বৰ বিভিন্ন পক্ষী সংৰক্ষণ সংস্থাৰ  সদস্য। তেওঁ পক্ষী সংৰক্ষণৰ ব্যৱস্থাপনাৰ বাবে ব্যৱহাৰ কৰিবলগীয়া বিভিন্ন পদ্ধতিৰ বিষয়ে জানিবলৈ তথা অভিজ্ঞতা আহৰণৰ উদ্দেশ্যে ইউৰোপ আৰু দক্ষিণ-পূব এছিয়াৰ অসংখ্য পক্ষী সংৰক্ষণ কেন্দ্ৰ ভ্ৰমণ কৰিছে।

তেওঁ লগতে পক্ষী সংৰক্ষণ আৰু পক্ষী প্ৰজননৰ বিষয়ে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত বক্তৃতা প্ৰদান কৰি আহিছে।

গোটেই বিশ্বতে পক্ষী সংৰক্ষণক জনপ্ৰিয় কৰি তোলাটোৱে ড০ বেনাৰ্জীৰ মুখ্য উদ্দেশ্য কিয়নো তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰে যে সংৰক্ষণবিদসকলৰ দ্বাৰা পোহনীয়া ভাৱে প্ৰজনন কৰোৱাটোৱে পক্ষী সংৰক্ষণৰ প্ৰাথমিক চৰ্ত।

অসম ৰাজ্যিক চিৰিয়াখানা আৰু ছানছাইন বাৰ্ড ৱৰ্ল্ডে বিদেশী পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত যৌথভাৱে কাম কৰাৰ বিষয়ে আলোচনা চলাই আছে।