NORTHEAST NOW (Assamese)
অসম

ৰকিবুলে চীনৰ মাকাউৰ জুৱাশালাত কিদৰে বগা কৰিলে ক’লা ধন, ব্যাখ্যা অনিল ৰাজাৰ

Posted by: কল্পজ্যোতি শইকীয়া May 17, 2018 7:05 pm
macau casino allegation against rockybul

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ পিছ নেৰা হৈছে কংগ্ৰেছৰে বহিষ্কৃত নেতা অনিল ৰাজাই। ৰকিবুলৰ বিৰুদ্ধে আজি ১৭ মে’ত পুনৰ এক তাজা অভিযোগ উত্থাপন কৰি ৰাজাই কয় যে যোৱা ৫ মে’ত ক’লা ধন বগা কৰিবৰ বাবে পত্নীৰ সৈতে মাকাউলৈ গৈছিল ৰকিবুল হুছেইন ( Rockybul Hussain )!

ৰাজাই কয় যে ‘মাকাউৰ কেচিন’ত গৈ টকাখিনি জমা দিব, কেচিন’ই আপোনাক কিবা শতাংশ এটা ৰাখি আপোনাক এটা ৰিচিট দিব। ১০০ কোটি জমা দিলে ৮০ কোটি টকাৰ ৰিচিট দিব। তাৰমানে ধৰি লওক জিকিলো বুলি প্ৰমাণ পত্ৰ দি দিব। এই টকাৰ পৰা টেক্স কাটি ভাৰতত সেয়া বগাধন হিচাপে ব্যৱহাৰ কৰিব পাৰি।’

‘অৰুণাচলৰ মন্ত্ৰীয়ে ৰাজাক এই কিটিপৰ কথা অৱগত কৰিছিল বুলি উল্লেখ কৰি ৰাজাই অভিযোগ কৰে যে ‘মাকাউত কি আছে? একো নাই। মাকাউত জুৱা খেলিবৰ বাবে কেচিন’ আছে। কোনো ভাল মানুহ সাধাৰণতে মাকাওলৈ নাযায়। তেওঁৰ পত্নীক লগত লৈ ক’লা ধন বগা কৰিবলৈ মাকাওলৈ গৈছিল।’

উল্লেখযোগ্য যে ১৮৫০ চনত ঔপনিৱেশিক পৰ্তুগীজ চৰকাৰে মাকাউত জুৱাক বৈধ ঘোষণা কৰাৰ পিছৰে পৰা ই ‘বিশ্বৰ জুৱা ৰাজধানী’ হিচাপে জনাজাত। জুৱা পৰ্য্যটন নিৰ্ভৰ মাকাউৰ অৰ্থনীতিৰ ৫০ শতাংশই জুৱাৰ পৰা সংগৃ্হীত ৰাজহ।

আনহাতে ৰকিবুল হুছেইনে অনিল ৰাজাৰ বিৰুদ্ধে তৰা গোচৰত ১৫ মে’ত ‘শাৰীৰিক অসুস্থতাৰ বাবে’ আদালতত উপস্থিত নথকা ৰাজাক ৰকিবুলে ‘মই আদালতলৈ আহিছো, অনিল ৰাজা কিয় অহা নাই’ বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় ‘মই আদালতলৈ যাওঁ-নাযাওঁ সেইটো তেওঁৰ বিচাৰ্য্য বিষয় নহয়। মই মোৰ কৰ্তব্য জানো, আদালতে মাতিছে মই হাজিৰ হ’ম।’

ইতিমধ্যে লখিমপুৰত তেওঁৰ পত্নীৰ নামত থকা সম্পত্তিৰ তালিকা ৰাজাৰ হাতলৈ আহিছে বুলি দাবী কৰি তেওঁ কয় যে ‘তেওঁৰ পত্নীৰ নামত অজস্ৰ মাটি আছে। ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ ইয়াক সম্পত্তিৰ তালিকাত সন্নিবিষ্ট কৰা নাই। ইতিমধ্যে নিৰ্বাচনী আয়োগ আৰু আইকৰ বিভাগলৈ চিঠি পঠাইছো। তেখেতৰ বিধায়ক পদ খাৰিজ কৰিব লাগে বুলি দাবী জনাইছো, কাৰণ সম্পত্তিৰ তালিকা যদি সঠিকৰূপত দাখিল নকৰে তেন্তে নিৰ্বাচনী আইন সম্পূৰ্ণৰূপে উলংঘা কৰা হয়।’

ৰাজাই লগতে অভিযোগ কৰে যে ‘ৰকিবুল হুছেইনে যোৱা ১৫ টা বছৰে নগাঁৱত এনেকুৱা অৰাজকতা সৃষ্টি কৰিলে যাৰ ফলস্বৰূপে হত্যা-লুন্ঠন, ধৰ্ষণ, জুৱাৰ আড্ডা আদি বৃদ্ধি পালে। যাৰ কাৰণে জিলাখনৰ মানুহ শান্তিৰে বসবাস কৰিব নোৱাৰা হ’ল। ময়ো লাহৰীঘাটৰ মানুহ, তাতো জুৱাৰ আড্ডা বহে। মুঠতে তেওঁ সমগ্ৰ জিলাখন প্ৰদূষিত কৰি পেলাইছে।’

‘কংগ্ৰেছৰ লগত আজীৱন থাকিম’ বুলি দাবী কৰি ৰাজাই কয় যে ‘কিন্তু ৰকিবুলৰ নিচিনা ব্যক্তিগত মুনাফা লুটা মানুহক যেতিয়ালৈকে দলৰ পৰা বাহিৰ নকৰে তেতিয়ালৈকে মই সংগ্ৰাম কৰি যাম।’

অনিল ৰাজাৰ আজিৰ বিস্ফোৰণৰ পিছত ৰকিবুল হুছেইনে কি প্ৰতিক্ৰিয়া কৰে সেয়া লক্ষণীয় হ’ব।