NORTHEAST NOW (Assamese)
অসম

ৰকিবুল হুছেইনৰ অবৈধ সম্পত্তিৰ সন্ধানত এইবাৰ দিল্লীত আৰক্ষীৰ অভিযান

Posted by: এন ই নাও নিউজ June 2, 2018 8:27 am
Rakibul-Hussain-570x320

প্ৰাক্তন কংগ্ৰছী মন্ত্ৰী ৰকিবুল হুছেইনৰ বেনামী তথা আয়ৰ সামঞ্জস্যহীন সম্পত্তি সংক্ৰান্তীয় অভিযোগৰ তদন্ত চলাই থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাই এই সক্ৰান্তত ১ জুনত দিল্লীতো অভিযান চলায়।

প্ৰাপ্ত তথ্য মতে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে কালি দিল্লীৰ বসন্ত কুঞ্জৰ চি-৫ বল্কত থকা এটা ঘৰত তালাচী চলাইছিল। এই ঘৰটো প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বুলি অভিযোগ উঠি আহিছিল।

উল্লেখযোগ্য যে দেওবাৰৰ পৰাই দিল্লীত বাহৰ পাতি থকা অসম আৰক্ষীৰ দলটোৱে একেই কাৰণত ৩১ মে’ত গুৰগ্ৰামৰ ডি এল এফ ফেজ-২ত থকা আন এটা ঘৰত তালাচী চলাইছিল।

এটা সূত্ৰৰ জানিব পৰা মতে ৰকিবুল হুছেইনৰ বুলি সন্দেহ কৰা এই ঘৰটো এজন উদ্যোগপতিক দিয়া হৈছে।

ৰকিবুল হুছেইনৰ সম্পত্তিৰ বিৰুদ্ধে অসমত চলি থকা তদন্তৰ অংশ হিচাপেই তেওঁলোক দিল্লীত আহি এই তালাচী অভিযান চলাইছে বুলি অসম আৰক্ষীৰ দলটোক নেতৃত্ব দিয়া দুৰ্নীতি নিবাৰক শাখাৰ অধীক্ষক প্ৰণৱ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।