NORTHEAST NOW (Assamese)
অসম

ৰঙালী বিহু উপলক্ষে জেট এয়াৰৱেজে বিমান যাত্ৰীক আগবঢ়াব লাৰু-পিঠা

Posted by: এন ই নাও নিউজ March 27, 2018 1:25 pm
l-1-570x320.jpg

ৰঙালী বিহুৰ প্ৰাকক্ষণত যাত্ৰীক আকৰ্ষিত কৰিবলৈ এক বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে ব্যক্তিগত বিমান পৰিবহণ প্ৰতিষ্ঠান জেট এয়াৰৱেজে।

সেই অনুসৰি বিমানৰ খাদ্য তালিকাত জেট এয়াৰৱেজে অচিৰেই সংযোজন কৰিব অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ লাৰু-পিঠা।

প্ৰতিষ্ঠানটোৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰ পৰা উৰণ আৰম্ভ কৰা বিমান যাত্ৰী সকলক অসমীয়া খাদ্য সম্ভাৰৰ জুতি দিয়াৰ চিন্তা- চৰ্চা কৰা হৈছে। যদিও কেতিয়াৰ পৰা এয়া কৰ্যকৰী কৰা হ’ব সেই সন্দৰ্ভত এতিয়ালৈ আনুষ্ঠানিক তথ্য জানিব পৰা হোৱা নাই।

ঘাইকৈ অসম আৰু অন্যান্য ৰাজ্যৰ যাত্ৰী সকলক এই বিশেষ সুবিধা দিয়া হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ জৰিয়তে জেট এয়াৰৱেজে দেশৰ অন্যান্য ৰাজ্যৰ লোকক  অসমত ৰঙালী বিহুৰ সময়ছোৱাত প্ৰচলিত খাদ্যৰ সৈতে চিনাকি কৰি দিয়াৰ প্ৰয়াস গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।