NORTHEAST NOW (Assamese)

ৰথযাত্ৰাত লোকে-লোকাৰণ্য ডিমা হাচাওৰ হাফলং চহৰ

July 15, 2018 9:22 am · পংকজ কুমাৰ দেব
শনিবাৰে হাফলং চহৰত ৰথযাত্ৰা উপলক্ষে উলিওৱা শোভাযাত্ৰাৰ দৃশ্য। ফটো : পংকজ কুমাৰ দেব

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ পাহাৰীয়া জিলা ডিমা হাচাওতো শনিবাৰে ৰথযাত্ৰা উৎসৱ পালিত হয়। জিলাখনৰ সদৰ তথা শৈল চহৰ হাফলঙৰ ৰাজপথত এইবাৰো চাৰিখন ৰথ উলিওৱা হয়।

হাফলং সাৰ্বজনীন জগন্নাথ মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত এই ৰথযাত্ৰাৰ আয়োজন কৰা হয়। ৰথযাত্ৰাত জিলাখনৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা-ভাষীৰ হেজাৰ হেজাৰ লোকে অংশ গ্ৰহণ কৰে।

ৰথযাত্ৰাই হাফলঙৰ মূল পথ কেইটাৰে পৰিক্ৰমা কৰাৰ পিছত হাফলং চহৰ  কেইবাঘন্টাৰ কাৰণে মিলনক্ষেত্ৰত পৰিণত হৈ পৰে।

উল্লেখ্য যে পাৰ্বত্য ডিমা হাচাও জিলাত মুঠ ঊনৈশটো জাতি-জনগোষ্ঠীৰ লোক বসবাস কৰে। ইয়াত যি কোনো পূজা-বিহু-খ্ৰীষ্টমাছ বা আন উৎসৱত প্ৰতিটো জনগোষ্ঠীৰ লোকে অংশ গ্ৰহণ কৰা কোনো নতুন কথা নহয়।

বিগত কেইবাবছৰ ধৰি জিলাখনৰ সামগ্ৰিক পৰিবেশ-পৰিস্থিতি অনুকূল নোহোৱাৰ বাবে ৰাইজৰ মাজত আশংকা আছিল যদিও এতিয়া ডিমা হাচাওত শান্তিৰ পৰিৱেশ ঘুৰি আহিছে আৰু ৰাইজে মুকলি মনেৰে ওলাই আহিব পাৰিছে।

সেয়েহে শনিবাৰে ৰাইজ ৰথযাত্ৰাত স্বত:স্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি শোভাযাত্ৰাত অংশ লয় আৰু উৎসৱৰ আনন্দ উপভোগ কৰে।

Related News