NORTHEAST NOW (Assamese)

ৰহাৰ টোল গে’ট: দিনত মুকলিৰ ঘোষণা কৰি ৰাতি ওলোটা মন্তব্য নগাঁৱৰ উপায়ুক্তৰ

July 27, 2018 8:31 pm · মিণ্টু দাস
Updated: July 27, 2018 11:43 pm

ৰাইজৰ প্ৰতিবাদত বন্ধ হোৱা ৰহাৰ টোল গে’ট কাইলৈ ২৮ জুলাইৰ পুৱাৰে পৰা পুনৰ মুকলি কৰিব বুলি দিনত সংবাদমেলযোগে ঘোষণা কৰাৰ পিছত ৰাতি আকৌ অনিৰ্দিষ্টকাললৈ টোল গে’টখন বন্ধ থাকিব বুলি ঘোষণা কৰিছে নগাঁৱৰ উপায়ুক্তই।

৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পৰিপ্ৰেক্ষিতত টোল গে’টখন বন্ধ থাকিব বুলি ঘোষণা কৰিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে।

উল্লেখযোগ্য যে নগাঁৱৰ উপায়ুক্তৰ কাৰ্য্যালয়ত আজি ২৭ জুলাইত এক সংবাদমেলত উপায়ুক্ত আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰবন্ধকে টোল গে’ট পুনৰ খোলাৰ কথা ঘোষণা কৰিছিল।

আনহাতে ৰহাৰ টোল গে’টবিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জিলা উপায়ুক্তই আজি দিনৰ ৩.৩০ বজাত আয়োজন কৰা বৈঠক বৰ্জন কৰা বুলি ঘোষণা কৰিছিল।

ৰাজ্য চৰকাৰে অংশ গ্ৰহণ কৰা আলোচনাতহে ভাগ ল’ব বুলি ঘোষণা কৰি উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল সংগঠন দুটাই।

টোল গে’টখন বন্ধ থকাৰ বাবে দৈনিক ১০ লাখ ৩৯ হাজাৰ টকা লোকচান হোৱা বুলি দাবী কৰি টোল গে’ট সন্দৰ্ভত আপত্তি থাকিলে ন্যায়ালয়ত গোচৰ তৰাৰ আহ্বান জনাইছে ঘাইপথ প্ৰাধিকৰণে।

Related News