NORTHEAST NOW (Assamese)
অসম

ৰাখাইনলৈ উভতি যোৱাটো সুৰক্ষিত বুলি বিশ্বাস নকৰে ৰহিংগিয়াসকলে : ইউনিচেফ

Posted by: এন ই নাও নিউজ January 26, 2018 9:54 am
ৰহিংগিয়া শৰণাৰ্থী শিৱিৰত শিশুসকলৰ সৈতে বাৰ্তালাপ কৰা মুহূৰ্তত জাষ্টিন ফৰছিথ। ফটো: টুইটাৰ

বাংলাদেশত  থকা ৰহিংগিয়া লোকসকলে এতিয়াও ৰাখাইনত থকা নিজৰ ঘৰলৈ ঘুৰি যোৱাটো নিৰাপদ বুলি ভাৱিব পৰা নাই। কক্স বজাৰত ম্যানমাৰৰ পৰা স্থানান্তৰিত হোৱা লোকসকলক সাক্ষাৎ কৰি ইউনিচেফৰ উপ কাৰ্যবাহী সঞ্চালক জাষ্টিন ফৰছিথে এনেদৰে কৈছে।

বৃহস্পতিবাৰে ঢাকাত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে তেওঁ বাংলাদেশৰ পৰা যোৱাৰ সময়ত এটা ধাৰণা লৈ যাব ওলাইছে যে এই লোকসকলক উভতাই পঠিওৱাৰ বাবে ৰাখাইন প্ৰদেশত উপযুক্ত পৰিৱেশ সৃষ্টি কৰাটো  নিশ্চিত কৰিবলৈ দুগুণ প্ৰচেষ্টা চলাব লাগিব।

‘’আৰু এই মুহূৰ্তত ৰহিংগিয়া পৰিয়ালবোৰে ৰাখাইনৰ ঘৰলৈ উভতি যোৱাটো সুৰক্ষিত তথা নিৰাপদ বুলি বিশ্বাস কৰিবলৈ টান পাইছে,’’- দুয়োখন দেশৰ মাজত হোৱা চুক্তি অনুসৰি পুনৰ্সংস্থাপনৰ বাবে চলোৱা প্ৰস্তুতিৰ মাজতে তেওঁ এনেদৰে কয়।

ফৰছিথে অৱশ্যে ম্যানমাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰাৰ বাবে বাংলাদেশক ধন্যবাদ জনায়। ‘’সেইটো আছিল সঠিক পদক্ষেপ (পুনৰ্সংস্থাপন চুক্তি) আৰু বাংলাদেশক তাৰ বাবে ধন্যবাদ জনোৱা উচিত। কিন্তু তাত হিংসা এতিয়াও চলি আছে,’’-তেওঁ কয়।

তেওঁ কয় যে ৰাখাইনৰ পৰা ভাগি অহাৰ আগতে তেওঁলোকে প্ৰত্যক্ষ কৰা হিংসাৰ দ্বাৰা শংকিত হৈ থকা লোকসকলক তালৈ পঠিয়াই দিয়াটো সমীচিন নহ’ব।

২০১৭ ৰ ২৫ আগষ্টৰ পৰা প্ৰায় ৭০০,০০০ ৰহিংগিয়া হিংসাৰ বলি হৈ ৰাখাইন প্ৰদেশৰ পৰা পলাই আহি কক্স বজাৰত আশ্ৰয় লৈছিল। কেইবা দশকৰ ভিতৰত অঞ্চলটোত এনেধৰণৰ বৃহৎ সংখ্যক শৰণাৰ্থীৰ সমাৱেশ ঘটিছে।

ফৰছিথে বুধবাৰে কুটাপালঙ শৰণাৰ্থী শিৱিৰ পৰিদৰ্শন কৰি কৈছিল যে ইয়াত থকা ৫৮ শতাংশই হৈছে শিশু আৰু তাৰে অধিকাংশই এতিয়াও হিংসাৰ অভিজ্ঞতাৰ দ্বাৰা শংকিত হৈ আছে।

বাংলাদেশৰ পৰা ৰহিংগিয়া শিশুসকলক ওভতাই পঠোৱাৰ আগতে ম্যানমাৰত সুৰক্ষা ব্যৱস্থা তথা মানৱীয় দৃষ্টিভংগীৰ উত্তৰণ ঘটোৱাটো প্ৰয়োজনীয় বুলি জাষ্টিনে মত প্ৰকাশ কৰে।