NORTHEAST NOW (Assamese)

ৰাখিনেৰ হিংসাত্মক ঘটনাত ভগনীয়া হোৱা লোকৰ সংখ্যা ৫ লাখ : প্ৰথমবাৰলৈ ঘোষণা ম্যানমাৰৰ

March 15, 2018 4:17 pm · এন ই নাও নিউজ
ম্যানমাৰৰ পৰা পলাই অহা ভগনীয়া শিশু

ম্যানমাৰৰ ৰাখিনে প্ৰদেশত হোৱা হিংসাত্মক ঘটনাৰাজিৰ ফলত প্ৰদেশখনৰ পৰা পলায়ন কৰা লোকৰ সংখ্যা ৫ লাখ। ৰাখিনে প্ৰদেশৰ চৰকাৰী সচিব টিন মাউং স্বে’ই বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে।

মিজিমা নিউজে প্ৰকাশ কৰা বাতৰিটোত কোৱা হৈছে যে নেপিটত ৰাখিনে প্ৰদেশৰ পৰিস্থিতি সম্বন্ধে এক সংবাদ মেলত বুধবাৰে স্বে’ই এই মন্তব্য প্ৰকাশ কৰিছে।

তেওঁ কয়, ‘মুৱাংদ জিলাত বৰ্তমান ৪৬৯৬৬৫ গৰাকী লোক থকাৰ বিপৰীতে জিলাখনৰপৰা নিজ ঘৰ এৰি পলায়ন কৰিছে ৫৩৫৭৬৪ গৰাকী লোকে।’

উল্লেখযোগ্য যে এয়ে প্ৰথমবাৰৰ বাবে ঘৰ এৰি যোৱা লোকৰ সংখ্যা প্ৰকাশ কৰিছে ম্যানমাৰ চৰকাৰে।

আনহাতে ৰাষ্ট্ৰসংঘই এনে লোকৰ সংখ্যা ৬ লাখ বুলি পূৰ্বে ঘোষণা কৰিছিল যিটো ম্যানমাৰ চৰকাৰে ৰাজহুৱা কৰা সংখ্যাতকৈ প্ৰায় ১ লাখ বেছি।

বাংলাদেশত যোৱা ১৫ৰ পৰা ১৭ ফেব্ৰুৱাৰিলৈকে হোৱা ম্যানমাৰ-বাংলাদেশ বৈঠকত পলাই অহা ১৬৭৩ ঘৰৰ ৮০৩২ গৰাকী লোকৰ এখন তালিকা বাংলাদেশ চৰকাৰে ম্যানমাৰক প্ৰদান কৰিছিল।

‘ম্যানমাৰ চৰকাৰে তালিকাখনৰ সত্যাসত্য পৰীক্ষা কৰিছে’ বুলি উল্লেখ কৰি ম্যানমাৰৰ উপ তথ্য মন্ত্ৰী আং লা টুনে সংবাদমেলখনত কয় যে তালিকাখনৰ ৩৭৪ গৰাকী লোকৰ সত্যতা নিশ্চিত কৰা বুলি আৰু ঘূৰাই পঠালে এইসকল ভগনীয়াক গ্ৰহণ কৰিবলৈ ম্যানমাৰ প্ৰস্তুত বুলি তেওঁলোকে বাংলাদেশক জনাই দিছে।

Related News