NORTHEAST NOW (Assamese)

ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ : নতুন নিৰিখত দৰমহাৰ সৈতে লাভ কৰিব গৃহভাত্তা

July 27, 2018 11:19 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যিক কৰ্মচাৰীৰ বাবে সুখবৰ। চলিত মাহৰ পৰাই ৰাজ্যৰ কৰ্মচাৰীয়ে দৰমহা আসোঁৱাহ নিৰাময় কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত নতুন নিৰিখত দৰমহাৰ সৈতে লাভ কৰিব গৃহভাত্তা । ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে প্ৰতিটো বিত্ত বিভাগৰ প্ৰধান সচিব, অতিৰিক্ত মুখ্য সচিব, আয়ুক্ত সচিব আৰু সচিবলৈ বৃহস্পতিবাৰে এক পত্ৰৰ জৰিয়তে এই নিৰ্দেশনা জাৰি কৰে।

ইয়াৰ উপৰি ২০১৬ চনৰ এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মচাৰীসকলক বকেয়া গৃহ ভাত্তাও মুকলি কৰিবলৈ নিৰ্দেশনা জাৰি কৰে ৰাজ্যৰ বিত্ত বিভাগে।

উল্লেখ্য যে যদিহে ৰাজ্য চৰকাৰৰ কোনো বিভাগৰ হাতত কৰ্মচাৰীৰ বাবে বকেয়া ধন আদায় দিবলৈ পৰ্যাপ্ত পুঁজিৰ অভাৱ তেন্তে প্ৰয়োজনীয় পুঁজিৰ বাবে সংশ্লিষ্ট বিভাগক মঞ্জুৰিৰ ব্যৱস্থা কৰিবলৈও পত্ৰৰ জৰিয়তে কোৱা হয়।

মনকৰিবলগীয়া যে ৰাজ্য চৰকাৰে ২১ জুনত দৰমহা আসোঁৱাহ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতে ৰাজ্যখনত কৰ্মচাৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সদৌ অসম কৰ্মচাৰী পৰিষদেও দৰমহা আসোঁৱাহ সমিতিৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰি অহা পৰিলক্ষিত হৈছিল।

এনেবোৰ অসন্তুষ্টিৰ মাজতে কালি ৰাজ্যৰ বিত্ত বিভাগে জাৰি কৰা এই নিৰ্দেশনাই স্বাভাৱিকতে ৰাজ্যিক কৰ্মচাৰীসকল কিছু পৰিমাণে হ’লেও সন্তুষ্টি লাভ কৰিব বুলি ধাৰণা কৰা হৈছে।

Related News